কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈ মৃত্যু ঢকুৱাখনাৰ যুৱকৰ

কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈ মৃত্যু ঢকুৱাখনাৰ যুৱকৰ

author-image
Asomiya Pratidin
New Update
কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈ মৃত্যু ঢকুৱাখনাৰ যুৱকৰ

ডিজিটেল সংবাদ, ঢকুৱাখনা: দৰিদ্ৰতা আৰু উপাৰ্জনশীলতাৰ সৈতে যুঁজি যুঁজি অৱশেষত অকাল মৃত্যুক সাৱটি ল'লে ঢকুৱাখনাৰ এজন কৰ্মঠ যুৱকে। জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰিবলৈ বহিঃ ৰাজ্যলৈ গৈ অকাল মৃত্যুক সাৱতি লোৱা ঢকুৱাখনাৰ যুৱকজন পাৰ্থ প্ৰতীম চুতীয়া ৷ জানিব পৰা মতে, ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনাৰ ভাটি জালভাৰী গাঁৱৰ বিনেন্দ্ৰ চুতীয়া আৰু ৰূপা চুতীয়াৰ পুত্ৰ প্ৰাৰ্থ প্ৰতিম চুতীয়া (২০) আত্মসংস্থাপনৰ বাবে প্ৰায় ৩ মাহৰ পূৰ্বে কেৰালালৈ গৈছিল ৷

Advertisment

দৰিদ্ৰতাৰ বাবে কেৰালাৰ এনাকলংৰ "জুভেদা" নামৰ এটা ব্যক্তিগত কোম্পানীত পাৰ্থ প্ৰতীম শ্ৰমিক হিচাবে নিয়োজিত হৈছিল। এনেদৰে প্ৰায় দুমাহ অতিক্ৰম কৰাৰ পাছত সুঠাম যুৱকজন কৰ্মৰত অৱস্থাত ৮ জুনত আকস্মিক ভাবে অসুস্থ হয়।

জ্বৰ কাঁহ আদি ৰোগত আক্ৰান্ত হোৱা যুৱকজনে ঘৰলৈ ফোন কৰি এই সন্দৰ্ভত অৱগত কৰিছিল পিতৃ মাতৃক। এনেদৰে দিন যোৱাৰ পাছত কোম্পানীত স্বাভাৱিক ভাবেই সেৱা আগবঢ়াই যোৱা কৰ্মৰত যুৱকজনক আকস্মিক অসুস্থতাৰ বাবে সহকৰ্মী আৰু কৰ্তৃপক্ষৰ সহযোগত নিকটৱৰ্তী এনাকলং চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু মৰ্মান্তিক ভাবে চিকিৎসাধীন অৱস্থাতে বুধবাৰে দুপৰীয়া অকাল মৃত্যুক সাৱটি লয় পাৰ্থ প্ৰতীমে। কৰ্মৰত সহকৰ্মী সকলৰ জৰিয়তে বুধবাৰে দুপৰীয়া এই মৰ্মান্তিক খবৰ মৃতকৰ ঘৰত দিয়াৰ পাছত ভাটি জালভাৰী গাঁৱৰ বাসগৃহত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ।

আৰ্থিক অনগ্ৰসৰতাৰ গ্ৰাসৰ পৰা পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ গৈ প্ৰাণ আহুতি দিবলগা হোৱা এই মৰ্মান্তিক খবৰে সমগ্ৰ পশ্চিম ঢকুৱাখনা অঞ্চলত শোকৰ বন্যা বোৱাইছে । দৰিদ্ৰতাই কোঙা কৰা মৃতকৰ পৰিয়ালটোৰ আত্মীয়ই জনোৱা মতে ঘটনাৰ খবৰ লাভ কৰি ইতিমধ্যে এগৰাকী ভাতৃ কেৰালালৈ ৰাওনা হৈছে।

কিন্তু আৰ্থিক ভাৱে জৰ্জৰিত পৰিয়ালটোৰ বাবে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃতদেহ স্বগৃহলৈ অনাতো অন্য এক প্ৰত্যাহ্বান হৈ পৰিছে। নিজ পুত্ৰৰ বহিঃ ৰাজ্যত এনে আকস্মিক বিয়োগত মৰ্মাহত পিতৃ মাতৃয়ে অন্তিম বাৰৰ বাবে পুত্ৰৰ নিথৰ দেহ প্ৰত্যক্ষ কৰিবলৈ পুহি ৰখা দুৰ্বাৰ হেঁপাহ পুৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক নৱ দলেৰ সহযোগিতা কামনা কৰিছে ।

Also Read: নগাঁৱৰ নাৰ্ছিং হ'মত ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাৰ্ছৰ মৃতদেহ

dhakuakhana