Advertisment

গৰখীয়া পুখুৰী গাঁৱৰ শান্তি ব্ৰহ্মৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ....

কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁৱৰ শান্তি ব্ৰহ্ম নামৰ এগৰাকী মহিলাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ গৰখীয়া পুখুৰী গাঁৱৰ শান্তি ব্ৰহ্ম নামৰ এগৰাকী মহিলাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে । সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীৰ নবৌয়েক শান্তি ব্ৰহ্ম এক জটিল ৰোগত আক্ৰান্ত হৈ ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি সোমবাৰে পুৱা ৩ বজাত ডিফুত শেষ নিশ্বাস ত্যাগ কৰে ।  

Advertisment

মহিলাগৰাকীক প্ৰথমে হাওৰাঘাটত আৰু পিছলৈ ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পৰিয়ালটো অতি দৰিদ্ৰ হোৱা হেতুকে উন্নত চিকিৎসাৰ বাবে অন্য ঠাইলৈ স্থানান্তৰ কৰিব পৰা হোৱা নাছিল ।

 লিভাৰ আৰু কিডনীৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ ক্ষেত্ৰত ব্যয়বহুল খৰচৰ বাবে পৰিয়ালৰ লোকে সদাশয়  হৃদয়বান লোকৰ সাহাৰ্যৰ বাবে আবেদনো কৰিছিল । জটিল ৰোগত আক্ৰান্ত শান্তি ব্ৰহ্মক চিকিৎসাধীন অৱস্থাত তিনিজনে ৰক্ত দান কৰি সহায়ৰ হাত আগবঢ়াইছিল ।

হাওৰাঘাট