বিশিষ্ট শিক্ষাবিদ, নামাচাৰ্য তাৰিনীকান্ত শইকীয়াৰ মৃত্যু...

গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু

author-image
Asomiya Pratidin
New Update
বিশিষ্ট শিক্ষাবিদ, নামাচাৰ্য তাৰিনীকান্ত শইকীয়াৰ মৃত্যু...

Tarini kanta saikia

ডিজিটেল সংবাদ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ হাতীচোং মৌজাৰ ১নং গেডাৰবড়ী নিৱাসী বিশিষ্ট শিক্ষাবিদ,আজীৱন সেৱক,নামাচাৰ্য,শৰণ সদস্য তাৰিনীকান্ত শইকীয়াৰ বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮১ বছৰ ৷

Advertisment

উল্লেখযোগ্য যে ১৯৪২ চনৰ কাতি মাহত গেডাৰবড়ীত জন্ম গ্ৰহণ কৰা তাৰিনীকান্ত শইকীয়াই ১৯৬৩ চনত বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৬৬ চনত দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ৰূপে যোগদান কৰে ৷

শিক্ষকতা জীৱন আৰম্ভ কৰি শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাবে লৈ ২০০৭ চনৰ ২৭ ফেব্ৰুৱাৰীত চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ তেওঁ একেধাৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ মূলৰ সদস্য হোৱাৰ ওপৰি এগৰাকী শৰণাৰ্চায্য আছিল ৷

তেওঁ সমাজৰ বিভিন্ন স্তৰৰ কামত সমাজিকভাৱে জড়িত হৈ আমৃত্যু সময়লৈকে সমাজৰ হিতৰ বাবে কাম কৰি আহিছিল প্ৰয়াত তাৰিনীকান্ত শইকীয়াই ৷

উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ঘৰৰ চোতালত পৰি ককাঁলত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ সুকলমে সম্পন্ন হয় যদিও বৃহস্পতিবাৰে আকস্মিক ভাৱে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷

মৃত্যুৰ সময়ত পত্নী, দুগৰাকী পুত্ৰ-বোৱাৰী, জীয়ৰী, নাতি নাতিনী সহ গুণমুগ্ধক ইহ সংসাৰত এৰিথৈ যায় ৷ সমাজ সংগঠক , সৰবৰহী ব্যক্তিজনৰ মৃত্যুত সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ৷

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ সভাপতি জ্যোতিপ্ৰসাদ ভূঞা, সম্পাদক তোষেশ্বৰ বৰা,শিক্ষাবিদ ৰাণাপ্ৰকাশ বৰা, বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিৰ লগতে বিভিন্ন অনুষ্ঠান, দল-সংগঠনে ,অনুষ্ঠান- প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বর্গলৈ সমবেদনা জ্ঞাপন কৰে।

bebejiya