/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
ডিজিটেল ডেস্কঃ কাজিৰঙা ষষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথৰ চিচু তাপুত উদ্ধাৰ এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ। বিশ্বনাথঘাটৰ মুখ্য বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে উদ্ধাৰ কৰিছে বাঘটোৰ মৃতদেহ।
বাঘটোৰ দেহত থকা আঘাত লক্ষ্য কৰি বনৰীয়া মহ অথবা গাহৰিৰ আক্ৰমণত মৃত্যু হোৱাৰ সন্দেহ কৰে বনকৰ্মীৰ লোকে। পশু চিকিৎসকৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা কৰি চিচু তাপুতে বাঘটোৰ মৃতদেহ জ্বলাই দিয়া হয়।