ধিং ষ্টেডিয়ামত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ উৱলি যোৱা মৃতদেহ...

স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ মাজতে অঘটন

author-image
Asomiya Pratidin
New Update
ধিং ষ্টেডিয়ামত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ উৱলি যোৱা মৃতদেহ...

dhing dhing

ডিজিটেল সংবাদ বটদ্ৰৱাঃ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা ধিং ষ্টেডিয়ামত চলি থকাৰ মাজতেই ষ্টেডিয়ামৰ পেভিলিয়নত এজন অচিনাকি ব্যক্তিৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা বিগত দুদিন ধৰি চলি আছে ষ্টেডিয়ামখনত।

Advertisment

তেনে অৱস্থাত ষ্টেডিয়ামখনৰ পেভিলিয়নত উদ্ধাৰ হৈছে এই মৃতদেহটো। ষ্টেডিয়াম কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্ব জ্ঞানহীনতাৰ বাবেই ধিং ষ্টেডিয়ামত এনে পৰিবেশ সৃষ্টি হোৱা বুলি অভিযোগ স্থানীয় দল সংগঠনৰ। ইতিমধ্যে ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

nagaon dhing assam