/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
কলিয়াবৰত যুৱকৰ সলিল সমাধি
ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰত যুৱকৰ সলিল সমাধি। পুখুৰীত পৰি মৃত্যু হ'ল দেৱজিৎ বৰা নামৰ যুৱকজনৰ। কলিয়াবৰৰ সোণাৰিগাঁৱত সংঘটিত হৈছে এই ঘটনা।
ঘৰৰ পৰা প্ৰায় দুশ মিটাৰ নিলগৰ পুখুৰীত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। মঙ্গলবাৰে সন্ধিয়াৰ পৰা নিৰুদেশ হৈ আছিল যুৱকজন। নিশা পুখুৰীটোৰ পাৰত উদ্ধাৰ হৈছিল যুৱকজনৰ ম'বাইল আৰু চেণ্ডেল। বুধবাৰে পুৱা পুখুৰীত ২২ বছৰীয়া যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।