১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে উজলিল ৰাজ্যৰ কেইবাখনো দৃষ্টিহীন বিদ্যালয়

নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়, গুৱাহাটীৰ সৰস্বতী বাগধ্বনি, গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়, যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি উজলিল পৰীক্ষাৰ্থী

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি উজলিল পৰীক্ষাৰ্থী

ডিজিটেল ডেস্ক: শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল ৰাজ্য মুক বধিৰ শিক্ষাৰ্থী। নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়, গুৱাহাটীৰ সৰস্বতী বাগধ্বনি, গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়, যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।

Advertisment

শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল নগাঁৱৰ বঢ়মপুৰ শ্ৰীমন্ত শংকৰ মিশ্যন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৬ গৰাকী ছাত্ৰ- ছাত্ৰী। বিদ্যালয়খনৰ পৰা মুঠ ৬ গৰাকী শিক্ষাৰ্থী  অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি বিদ্যালয়খনৰ শিক্ষাৰ্থী ক্ৰমে- ৰঞ্জিনা বেগম (৭৮.৫%) , চনম তামাং (৭৫.৮৩%), দিগন্ত নাথ (৭৫ %), দীপক দাস (৭২.৮৩%),পংখী ডেকা (৭১.১৬%) আৰু মীনা মেধি (৭০.১৬%)য়ে প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । ইয়াৰ ভিতৰত তিনিগৰাকীয়ে  ষ্টাৰ নম্বৰ লাভ কৰাৰ লগতে আটাইকেইগৰাকী ছাত্ৰ - ছাত্ৰীয়েই লেটাৰ মাৰ্কসহ পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । 

উল্লেখ্যযোগ্য যে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীকেইজনৰ বাবে নাছিল পৰ্যাপ্ত কিতাপ। ৰেকৰ্ডিং শুনি শুনি কঠিন সংগ্ৰামক জীৱনৰ ব্ৰত হিচাপে লৈ কাঁইটীয়া পথেৰে ছয়গৰাকী ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল আৰু কিতাপ নথকা প্ৰত্যাহবান বুকুত বান্ধিয়ে সফলতাৰে উত্তীৰ্ণ হৈ শ্ৰীমন্ত শংকৰ মিছন অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে বৃহত্তৰ বঢ়মপুৰ অঞ্চললৈ ছাত্ৰ-ছাত্ৰী কেইগৰাকীয়ে গৌৰৱ কঢ়িয়াই আনিলে। ছাত্ৰ-ছাত্ৰীকেইজনৰ এই সাফল্যক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে সমগ্ৰ বঢ়মপুৰবাসী ৰাইজ। উল্লেখ্য যে , ১৯৯৯ চনৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ সফলতাৰ ধাৰা অব্যাহত আছে ।

সৰস্বতী বাগধ্বনিৰ ফলাফল

এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰস্বতী বাগধ্বনিৰ এজন ছাত্ৰই অৱতীৰ্ণ হৈছিল। ব্ৰজৰাজ শইকীয়া নামৰ পৰীক্ষাৰ্থী জনে ৬৪ শতাংশ নম্বৰেৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ইংৰাজী বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে। ব্ৰজৰাজক লৈ উৎফুল্লিত বিদ্যালয় কৰ্তৃপক্ষ। 

গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ফলাফল

১০০ শতাংশ উত্তীৰ্ণৰে পুনৰ উজলিল গুৱাহাটী দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়। এইবাৰ ৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। ইয়াৰে ৪ গৰাকীয়ে লাভ কৰিছে প্ৰথম বিভাগ। আনহাতে ৩ গৰাকী পৰীক্ষাৰ্থীয়ে লাভ কৰিছে দ্বিতীয় বিভাগ। ইয়াৰে মনি কলিতা ৬৬.৮৩%, সোণমনি কলিতা ৬৪.১৬%, প্ৰিন্স কোঁৱৰ দাস ৬৫.৮৩%, বিশাল বৈশ্য ৬১.৫%, হিমাক্ষী দেৱী ৫৯.৫%, ৰৌচন আলী ৫৭.৫%, আৰু ৰাহুল দাস ৫২.৮৩% লাভ কৰিছে।

যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ফলাফল

যোৰহাট দৃষ্টিহীন বিদ্যালয়ৰ ৪ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিদ্যালয়খনৰ ৩ গৰাকী শিক্ষাৰ্থীয়ে প্ৰথম বিভাগ লাভ কৰাৰ লগতে এগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে দ্বিতীয় বিভাগ। বিদ্যালয়খনৰ দুগৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে ষ্টাৰ মাৰ্ক। ১০০ শতাংশ উত্তীৰ্ণৰে উজলি উঠিছে বিদ্যালয়খন। 

বিহপুৰীয়া দৃষ্টিহীন বিদ্যালয়ৰ ফলাফল

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উল্লেখিত বিদ্যালয় কেইখনৰ দৰে বিহপুৰীয়া দৃষ্টিহীন বিদ্যালয়ো উজলি উঠিবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ । বিদ্যালয়খনৰ পৰা দুজন ছাত্ৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু দুয়োগৰাকীয়ে দ্বিতীয় স্থান লাভ কৰিছে। 

 

হাইস্কুল শিক্ষান্ত পৰীক্ষা