ডিজিটেল সংবাদ, ওদালগুৰি : শনিবাৰে সন্ধিয়া প্ৰায় ৭-১৫ বজাত ওদালগুৰি চহৰৰ মাজমজিয়াৰ ৰে’লগেটৰ সমীপৰ মহিলা বজাৰৰ সন্মুখত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ভৰত ডেকা নামৰ এগৰাকী চাইকেল আৰোহীৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি মিচন চকৰ পৰা শ্বহীদবেদী মুখে গৈ থকা এখন এ এছ ২৭ এফ ৫১২৬ নম্বৰৰ মটৰ চাইকেলে বিপৰীত দিশৰ পৰা অহা এজন পথাচাৰীক সন্মুখৰ পৰা খুন্দা মাৰে। ফলত পথাচাৰীজন ছিটিকি পৰে। ততাতয়াকৈ আৰক্ষীৰ সহযোগত আহত বাইক আৰোহী আৰু গুৰুত্বলভাৱে আহত পথাচাৰীজনক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে গুৰুত্বৰভাৱে আহত পথাচাৰীগৰাকীক মৃত ঘোষণা কৰে।
ইয়াৰ পাছতেই চিকিৎসালয়ত কিছু উত্তপ্ত পৰিৱেশৰ সূচনা হয় যদিও আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে চহৰখনৰ মাজমজিয়াত স্পীডব্ৰেকাৰৰ প্ৰয়োজন আছে।
সন্ধিয়া একাংশ বাইকআৰোহীয়ে তীব্ৰবেগত মটৰ চাইকেল চলাই পৰিৱেশ বিপদজনক কৰি তোলে। বিগত বছৰটোত কেইৱাটাও স্থানত এই স্পীডব্ৰেকাৰ স্থাপন কৰা হৈছিল যদিও বৰ্তমান অৱস্থাত উক্ত স্পীডব্ৰেকাৰসমূহ প্ৰায় নতুনকৈ স্থাপনৰ প্ৰয়োজনবোধ কৰিছে স্থানীয় ৰাইজে।