টেঙানিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

টেঙানিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত টেঙানিৰ গৰমৰা টোপৰ পৰা শুকুৰবাৰে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে শুকুৰবাৰে ধনশিৰি নদীত এটা মৃতদেহ উটি অহা অঞ্চলটোৰ লোকে প্ৰত্যক্ষ কৰি বৰপথাৰ আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে।

প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য অনুসৰি মৃতদেহটো প্ৰায় চল্লিছৰ উৰ্ধৰ পুৰুষ বুলি অনুমান কৰিছে।উল্লেখ্য যে এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই।

টেঙানিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
ধনশিৰিৰ বৰপথাৰ নগৰত বিধ্বংসী অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in