/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5c308a13-c94d-4d89-b71a-e4dd423de7a9/7.jpg)
ডিজিটেল সংবাদ, পাটাছাৰকুছি: সোমবাৰে বজালীৰ জালিখাটাত এছডিআৰএফ দলে কালদিয়া নদীৰ পৰা যুৱকজনৰ এটা মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে এই কৰুণ ঘটনাত যুৱকজনে তেওঁৰ 'বোলে বম' ভক্তসকলৰ সৈতে দেওবাৰে নিশা কালিবাৰীল থানলৈ আহিছিল আৰু ধৰ্মীয় স্থান পৰিদৰ্শন কৰাৰ পিছত যুৱকজনে তেওঁৰ বন্ধুৰ সৈতে কালদিয়া নদীত পূজাৰ বাবে পানী সংগ্ৰহ কৰাৰ লগতে স্নান কৰিছিল।
যুৱকজন দেওবাৰে নিশাৰে পৰা নদীত সন্ধানহীন হৈ আছিল। দুৰ্ভগীয়া যুৱকজন নলবাৰী জিলাৰ অন্তৰ্গত ৰাণাকুছিৰ সৌৰভ ভাগৱতী ( ২৫) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে বিগত কেইবছৰ মানৰ পৰা এই ব'ল ব'ম নামৰ ধৰ্ম সংস্কৃতিৰ প্ৰতি যুৱকসকল আকৰ্ষিত হৈ পৰা দেখা গৈছে৷ অধিকাংশই নাচি বাগি বহুত জোৰত মাইক বজাই এই ধৰ্ম উদযাপন কৰে৷ এই ঘটনাৰ পিচতে অঞ্চলতোত এক শোকৰ পৰিবেশে বিৰাজ কৰিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us