/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/d967522c-084f-47ff-92e3-1b3363ac23ec/download.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়াঃ বিহপুৰীয়াৰ সমীপৰ ডিক্ৰং নদীত দেওবাৰে এটি মৃত শিহু স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৷ নদী ডলফিন খ্যাত দুস্প্ৰাপ্য শিহুটিৰ গাত আঘাতৰ চিন প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে মৎস্য চিকাৰীৰ কবলত পৰি শিহুটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷
সাধাৰণতে ডিক্ৰং আৰু সোৱণশিৰীৰ সংযোগস্থলত সততে দেখিবলৈ পোৱা যায় এই নদী ডলফিন অথবা শিহু ৷
৮ ফুট দৈৰ্ঘ আৰু ১০০ কিল’গ্ৰাম ওজনৰ শিহুটিৰ আকস্মিক মৃত্যুত প্ৰকৃতিপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিহপুৰীয়া খণ্ড বন বিভাগে মৃত শিহুটি উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ উল্লেখযোগ্য যে সোৱণশিৰী নদীত দেখিবলৈ পোৱা শিহু বিভিন্ন সময়ত মৎস্য চিকাৰীয়ে হত্যা কৰি দুস্প্ৰাপ্য শিহুৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷