/asomiyapratidin/media/media_files/2025/01/04/vwn148VTtuHFrntbp3hZ.jpg)
ডিজিটেল সংবাদ,খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখাৰ ৰামথেপিত বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ। নিশা মৃত্যু হোৱা হাতীটোৰ নিথৰ দেহ এগৰাকী মহিলাই পুৱাৰ ভাগত পথাৰত প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী আৰু বন বিভাগক।
ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই পৰ্যন্ত জানিব পৰা নাই হাতীটোৰ মৃত্যুৰ কাৰণ ।
উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই আহিছে বৃহত্তৰ খেৰণি অঞ্চলত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us