Advertisment

বৰ পুখুৰীত মৃতদেহ উদ্ধাৰ...

আজি পুৱা বৰ পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই পৰ্যন্ত মৃতদেহটোৰ চিনাক্তকৰণ হোৱা নাই।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,শিৱসাগৰ: শিৱসাগৰ জিলাৰ ঐতিহাসিক বৰ পুখুৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ কাণ্ড। আজি পুৱা বৰ পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই পৰ্যন্ত মৃতদেহটোৰ চিনাক্তকৰণ হোৱা নাই।

Advertisment

জানিব পৰা মতে, আজি নিচেই পুৱা প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱা একাংশ লোকে শিৱসাগৰৰ অন্তৰ্গত পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। লগে লগে প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

বৰ পুখুৰী