ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ চহৰৰ পৰা আঠ কিলোমিটাৰ নিলগৰ বেতবাৰী কাকতি গাৱঁৰ এজন ব্যক্তিৰ বাসগৃহত অবৈধ ভাৱে মজুত ৰখা চোৰাং ডিজেল ভৰ্তি টেংকীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
যুৱকজনক হত্যা কৰি টেংকিত ভৰাই থৈছিল নে, তেল চুৰি কৰাৰ সময়ত পৰি মৃত্যু হ’ল ইয়াক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত ৷ বেতবাৰী কোৱামৰা সত্ৰৰ ক্ষণিক বৰুৱা (১৯) নামৰ যুৱক জনৰ মৃতদেহ ডিজেল ভৰ্তি চিনটেক্সত উদ্ধাৰ হয়। মনোজ দত্ত ওৰফে ভাইকন দত্ত নামৰ ব্যক্তিজনৰ ঘৰৰ চৌহদত অবৈধ ভাৱে মজুত কৰি থোৱা ডিজেল ভৰ্তি চিনটেক্সত উদ্ধাৰ হয় মৃতদেহ।
উল্লেখযোগ্য যে ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে মনোজ দত্তৰ পুত্ৰ কৌস্তূভ দত্তক।