/asomiyapratidin/media/media_files/2025/06/16/scUpbaKQ9ZvVU0B1EiYb.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা সমজিলাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত উজনি বৰবাৰী গাঁৱৰ পানী যুৱলীত এটা মৃতদেহ উদ্ধাৰ হৈছে। চাৰিকড়ীয়া নদীৰ বুকুৰে উটি অহা এজন পুৰুষৰ দুৰ্গন্ধ যুক্ত মৃতদেহ সোমবাৰে দুপৰীয়া পানীত ওপঙি অহা প্ৰত্যক্ষ কৰে গাঁৱৰ ৰাইজে।
পৰৱৰ্তী সময়ত সোনাৰী চাপৰি আৰক্ষী চকীত অৱগত কৰে। সোনাৰী চাপৰি আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক জীৱ কুমাৰ সোণোৱাল ঘটনাস্থলীত সোমবাৰে বিয়লি প্ৰায় ২-৪৫ বজাত উপস্থিত হৈ অৰ্ধগলিত মৃতদেহতো পানীৰ পৰা উদ্ধাৰ কৰে।
অদ্যপি অচিনাক্ত মৃতদেহতো সম্পূৰ্ণ উলংগ অৱস্থাত তললৈ মুখ কৰি উটি আহিছিল। সোনাৰী চাপৰি আৰক্ষীৰ সহকাৰী উপ পৰিদৰ্শক জীৱ কুমাৰ সোণোৱালে অৰ্ধগলিত মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত চুৰতশাল কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেললৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
এনেদৰে উলংগ অৱস্থাত মৃতদেহটো উপঙি উটি অহা ঘটনাৰ অন্তৰালত হত্যাকাণ্ড নে অন্য কিবা কাৰণ তাক লৈ স্থানীয় ৰাইজ উৎসুক হৈ পৰিছে।