বেড ৰূমত মাতৃ, পুত্ৰ আৰু বোৱাৰীৰ মৃতদেহ! ওৰে নিশা কান্দি থাকিল ৬মহীয়া নাতিয়েকে...

অতি মৰ্মান্তিক! শোৱনি কোঠাত পৰি আছে মাতৃ, পুত্ৰ আৰু বোৱাৰীৰ মৃতদেহ। তাৰে কাষতে মৃতদেহক সাৱটি কান্দি আছে এটি ছমহীয়া শিশুৱে। এই দৃশ্য প্ৰত্যক্ষ কৰি আৰক্ষীৰ  চকুও সেমেকি উঠিল। 

author-image
Asomiya Pratidin
New Update
jjhhdd

ডিজিটেল ডেস্কঃ অতি মৰ্মান্তিক! শোৱনি কোঠাত পৰি আছে মাতৃ, পুত্ৰ আৰু বোৱাৰীৰ মৃতদেহ। তাৰে কাষতে মৃতদেহক সাৱটি কান্দি আছে এটি ছমহীয়া শিশুৱে। এই দৃশ্য প্ৰত্যক্ষ কৰি আৰক্ষীৰ  চকুও সেমেকি উঠিল। 

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা বৃহস্পতিবাৰে পুৱা যশোদা দেৱী নামৰ ৭০বছৰীয়া মহিলাগৰাকী আৰু তেওঁৰ পুুত্ৰ-বোৱাৰী অংকিত আৰু ৰিয়াৰ মৃতদেহ নিজৰ ঘৰত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পুৱা গাখীৰ দিবলৈ যোৱা লোকগৰাকীয়ে প্ৰথমে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ দেখে যে, তিনিওটা মৃতদেহৰ কাষতে ছমহীয়া শিশুৱে কান্দি আছে। আৰক্ষীয়ে শিশুটিক উদ্ধাৰ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক  তদন্তত পোহৰলৈ আহিছে যে, কোনো বিষযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলতে মৃত্যু হৈছে তিনিওগৰাকী ব্যক্তিৰ।

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত সংঘটিত হৈছে এই ঘটনা। সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। ফৰেনচিক দল উপস্থিত হৈ ঘৰটোৰ সকলো খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিছে। ইফালে ছমহীয়া শিশুটিক শিশু পৰিচৰ্যা কেন্দ্ৰত চমজাই দিছে আৰক্ষীয়ে।

মৃতদেহ