/asomiyapratidin/media/media_files/2025/10/08/1-2025-10-08-09-05-42.jpg)
ডিজিটেল সংবাদ,গহপুৰঃ গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত বালিগাঁৱৰ ৪ টা খিলঞ্জীয়া গোৰ্খা পৰিয়ালক উচ্ছেদৰ চক্ৰান্তৰে একে ৰাতিৰ ভিতৰতে বিশ্বনাথৰ পৰা ডিমা হাছাওলৈ খেদা খাবলগীয়া হোৱা বিশ্বনাথ জিলাৰ তদানীন্তন জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই মাটি নামজাৰি কৰাৰ ক্ষেত্ৰত সংঘটিত কৰা এক ভয়াবহ কেলেংকাৰী শেহতীয়াভাবে পোহৰলৈ আহিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা স্বচ্ছ আৰু নিকা প্ৰশাসনৰ শ্ল'গানক ভৰিৰে মোহাৰি গহপুৰ নগৰৰ এটা পৰিয়ালৰ ৬০ বিঘা ১১ লোচা মাটি সম্পূৰ্ণ অবৈধ ভাবে আন এটা পৰিয়ালৰ নামত নামজাৰি কৰি দিবলৈ চক্ৰ বিষয়াক বাধ্য কৰাই তদানীন্তন জিলা আয়ুক্ত মুনীন নাথ ঙাটেই যিটো কাণ্ড সংঘটিত কৰিলে সেই কাণ্ডই ভূ-মাফিয়া চক্ৰই সংঘটিত কৰা অত্যাচাৰৰো সীমা অতিক্ৰম কৰিলে।
উল্লেখযোগ্য যে, গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপুখুৰী প্ৰাথমিক বিদ্যালয়, গহপুৰ শিৱ মন্দিৰকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান স্থাপনৰ বাবে বিঘাই বিঘাই মাটি দান দি মহানুভৱতাৰ পৰিচয় দি অহা চাহু পৰিয়ালৰ ওপৰত ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁলোকৰ সমূদায় ম্যাদী মাটি আন এটা পৰিয়াল নামত নামজাৰি কৰি দিবলৈ তদানীন্তন আয়ুক্ত গৰাকীয়ে গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বাধ্য কৰোৱাৰ ঘটনা পোহৰলৈ আহিছে।
এই ঘটনাই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা কঠোৰ আৰু স্বচ্ছ প্ৰশাসন যন্ত্ৰক লৈ প্ৰশ্ন উথাপন কৰিবলৈ বাধ্য হৈছে সচেতন ৰাইজ। লক্ষণীয় যে, ১৯৭৬ চনৰ অসম চৰকাৰৰ ৰাজহ বিভাগে দিয়া ভূমি বন্দোবস্তিৰ সময়ত তেতিয়াৰ অবিভক্ত শোণিতপুৰ জিলাৰ জিলা প্ৰাধিকাৰী ও চেটেলমেণ্ট অফিচাৰে গহপুৰ মৌজাৰ কুকুৰজান গাঁৱৰ শিৱচন তেলী(পিতা:শোভাৰাম)ৰ লগতে তেওঁৰ উত্তৰাধিকাৰী প্ৰতিনিধি আৰু স্থলাভিষিক্ত সকলক খেৰাজ ম্যাদী পট্টা প্ৰদান কৰিছিল।
সেই অনুসৰি-শিৱচন তেলী আৰু তেওঁৰ পৰিয়ালক গহপুৰ মৌজাৰ কুকুৰজান গাঁৱৰ ১০২ নং খেৰাজ ম্যাদী পট্টা অনুসৰি ৩০৬,৩১০,৩৪৯,৩০৩,৩৫৫,৩৬৫ আৰু ৩৫৩ দাগত মুঠ ৬০ বিঘা ১১ লোচা মাটিৰ চৰকাৰী বন্দোবস্তি দিয়ে।পৰবৰ্তী সময়ত উক্ত মাটি উত্তৰাধিকাৰী সুত্ৰে নামজাৰি হোৱাৰ লগতে তেওঁলোকে চৰকাৰী ৰাজহ দি দখল ভোগ কৰি থাকে।
উক্ত পট্টা আৰু উক্ত দাগৰ মাটিত উত্তৰাধিকাৰী সুত্ৰে শিৱচন তেলীৰ স্থলত ৰবীন চাহু,প্ৰবীণ চাহু,কিশোৰ চাহু আৰু নন্দ চাহুৰ নামত নামজাৰি চলি আছে।একেদৰে ৰাজ বিহাৰী চাহুৰ স্থলত গোপাল চন্দ্ৰ চাহু,বিজয় প্ৰসাদ চাহু আৰু ৰাধেশ্যাম চাহুৰ নামত নামজাৰি চলি আছে। কিষাণ প্ৰসাদ চাহুৰ স্থলত বিদ্যাৱতী চাহু,প্ৰণয় চাহু,কবিতা চাহু,ডলি চাহু আৰু ৰ'জি চাহুৰ নামত নামজাৰি বাহাল আছে।
আনহাতে বিজয় চাহুৰ স্থলত অনুপ চাহু আৰু কুসুম চাহুৰ লগতে গোলাপচন তেলীৰ স্থলত জগদীশ চাহু,অমৃতলাল চাহু,চন্দ্ৰ চাহু আৰু দুৰ্গা চাহুৰ নাম উত্তৰাধিকাৰী সুত্ৰে নামজাৰি চলি আছে।পিছলৈ এই তপশীলৰ মাটি কিছুসংখ্যক পট্টাদাৰে নিজৰ নিজৰ সুবিধা মতে বাটোৱাৰা কৰি লয়।
কিন্তু আচৰিত কথা এয়ে যে-বংশানুক্ৰম অনুসৰি এনেদৰে নামজাৰি বাহাল থকা চাহু পৰিয়ালৰ ৬০ বিঘা ১১ লোচা মাটি একেনিশাৰ ভিতৰতে স্থানীয় এটা "গগৈ" পৰিয়ালৰ নামত নামজাৰি কৰি পেলালে গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ে।
জানিব পৰামতে-এটা বিতৰ্কিত ফোন কলৰ পিছত বিশ্বনাথৰ পৰা ডিমা হাছাওলৈ বদলিৰ নিৰ্দেশ ওলোৱাৰ পিছদিনা অৰ্থাৎ ১৪/০৭/২০২৫ তাৰিখে সেই সময়ৰ বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত মুনীন নাথ ঙাটেই গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিষ ভড়ালীক এটা লিখিত হুকুম দি যায়।
বিএলএছ ১৯/২০২৩/৬০ নং হুকুমটোত গহপুৰ ৰাজহ চক্ৰৰ কুকুৰজান গাঁৱৰ ১০২ নং ম্যাদী পট্টাৰ ৩০৬,৩১০,৩৪৯,৩০৩,৩৬৫ আৰু ৩৫৩ নং দাগৰ মুঠ ৬০ বিঘা ১১ লোছা মাটি ভূমি বন্দবস্তীৰ সময়ত শিৱচন তেলী, গোলাপচন তেলী, গোলাপ চন্দ্ৰ চাহু,কিষাণ প্ৰসাদ চাহু, বিজয় চাহু,ৰাধেশ্যাম চাহু,ৰবীন চাহু,প্ৰবীণ চাহু,কেচেৰী চাহু আৰু নন্দ চাহুৰ নামে ভুমি নথিত নথিভুক্ত হৈ থকাৰ বিষয়ে গহপুৰ ৰাজহ চক্ৰৰ ২০/০৬/২০২৫ তাৰিখৰ জি আৰ চি ৪৮৫ নং প্ৰতিবেদন মৰ্মে জনা গ'ল বুলি উল্লেখ থাকে।
হুকুমটোত আৰু কোৱা হয় যে শুনানীৰ সময়ত ওপৰোক্ত ব্যক্তি সকলে কোনোধৰণৰ বৈধ নথি পত্ৰ দেখুৱাব নোৱাৰিলে।সেইবাবে উক্ত মাটিত তেওঁলোকৰ নামজাৰি নাকচ কৰি পুৰণি ৫০ নং পট্টাৰ প্ৰকৃত পট্টাদাৰ কনধৰ আহোমৰ উত্তৰাধিকাৰী সূত্ৰে তেওঁৰ মৃত পুত্ৰ গোপাল গগৈলৈ নামজাৰি হৈ পুনৰ উত্তৰাধিকাৰী সুত্ৰে বলিন গগৈ,মিণ্টু গগৈ,দিলিপ গগৈ আৰু বাবুল গগৈৰ নামত নথিভুক্ত কৰিবলৈ হুকুম জাৰি কৰে।
উক্ত হুকুমৰ পিছতে ০৫/০৯/২০২৫ তাৰিখে গহপুৰ ৰাজহ চক্ৰ বিষয়াই প্ৰকৃত পট্টাদাৰৰ নাম নাকচ কৰি জিলা আয়ুক্তৰ হুকুমত উল্লেখ থকা নাম কেইটা নথিভুক্ত কৰি দিয়ে।এইক্ষেত্ৰত ভুক্তভোগী চাহু পৰিয়ালটোৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে-জিলা আয়ুক্তই হুকুম দিবলগীয়া হোৱাকৈ উক্ত তপশীলৰ মাটিৰ কোনো গোচৰ চলা নাছিল বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্য্যালয়ত।তদুপৰি জিলা আয়ুক্তই ল'বলগীয়া হোৱা নাছিল কোনো ধৰণৰ শুনানী।
তেনেক্ষেত্ৰত কোনো শুনানী আৰু গোচৰ নথকা উক্ত তপশীলৰ মাটিৰ বিপৰীতে এনিশাৰ ভিতৰত হুকুম উলিয়াই আন পৰিয়ালক সমূদায় মাটি নামজাৰি কৰি দিবলৈ হুকুম জাৰি কৰাৰ আঁৰত মুনীন্দ্ৰ নাথ ঙাটেৰ কি চক্ৰান্ত লুকাই আছে সেয়া অতি ৰহস্যৰ বিষয় হৈ পৰিছে।তদুপৰি জিলা আয়ুক্তই দিয়া হুকুমটোত ১০২ নং ম্যাদী পট্টাৰ পুৰণি পট্টা নম্বৰ ৫০ বুলি উল্লেখ কৰিছে যদিও উক্ত তপশীলৰ মাটিৰ পুৰণি পট্টা নম্বৰ ৫০ নহয় বুলি পৰিয়ালটোৱে তথ্য সহ জানিবলৈ দিছে।
সম্পূৰ্ণ পৰিকল্পিতভাবে তৈয়াৰ কৰা হুকুমটোৰ মতে কোনো কাৰণতে প্ৰকৃত পট্টাদাৰ চাহু পৰিয়ালৰ নাম কৰ্তন কৰি গগৈ পৰিয়ালৰ নাম অন্তভুক্তি কৰিব পৰা নাযায় যদিও গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিষ ভড়ালীয়ে কি যুক্তিত মুনীন্দ্ৰ নাথ ঙাটেৰ শ্ৰুতলিপি মানিবলগীয়া হ'ল সেয়া হৈ পৰিছে অতি তাৎপৰ্যপূৰ্ণ বিষয়।
প্ৰাপ্ত তথ্য মতে-খেৰাজ ম্যাদী পট্টাৰ পৰা আৰম্ভ কৰি সদৰ ড্ৰাফ ছিটা জমাবন্দী, ছিঠা বহী আৰু জৰীপ হোৱা গাঁৱৰ জমাবন্দীলৈকে সকলো চৰকাৰী নথিত চাহু পৰিয়ালৰ নাম সত্য শুদ্ধভাবে নথিভুক্ত হৈ আছে।তদানীন্তন জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই ইমান বোৰ চৰকাৰী প্ৰমাণক ভৰিৰে মোহাৰি বলপূৰ্বক ভাবে হুকুম দিয়াৰ আঁৰত কি অভিসন্ধি লুকাই আছে সেয়া হৈ পৰিছে অতি ৰহস্যজনক বিষয়।
এই বিষয়টোৰ ক্ষেত্ৰত ভুক্তভোগী পৰিয়ালটোৱে অসমৰ মুখ্যমন্ত্ৰীৰ এক কঠোৰ পদক্ষেপ কামনা কৰিছে।জানিব পৰা মতে-ভুক্তভোগী পৰিয়ালটোৱে এইক্ষেত্ৰত এক উপযুক্ত ন্যায় বিচাৰি আদালতৰ কাষ চাপিছে।উল্লেখযোগ্য যে-জিলা আয়ুক্তৰ হুকুমত উল্লেখ নথকা ৩৫৫ দাগৰ মাটি ইতিমধ্যে চাহু পৰিয়ালে গহপুৰ হাইস্কুলক দান হিচাপে আগবঢ়াইছে।
জিলা আয়ুক্তৰ হুকুমটোৰ পিছত ভুক্তভোগী পৰিয়ালটোৰ মাজত দেখা দিয়া অনাহক সমস্যাটোক লৈ স্বাভাৱিকতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ গহপুৰত।এই আপত্তিজনক বিষয়টোৰ পিছত চৰকাৰী বিধি ব্যৱস্থাৰ প্ৰতি আস্থা আৰু বিশ্বাস কমিবলৈ লৈছে প্ৰতিজন বিবেকবান লোকৰ মাজত।
জিলা আয়ুক্তৰ পদমৰ্য্যদা কলংকিত কৰা এইগৰাকী মুনীন্দ্ৰ নাথ ঙাটেৰ বিৰূদ্ধে চৰকাৰৰ কৰণীয় একো নাইনে বুলিও স্বাভাৱিকতে প্ৰশ্ন উথাপন হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে উক্ত তপশীলৰ মাটি আগৰ দৰে শুদ্ধ ৰূপত নথিভুক্ত কৰিবলৈ বিশ্বনাথ জিলাৰ বৰ্তমানৰ আয়ুক্ত,গহপুৰ সমজিলাৰ আয়ুক্ত আৰু গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত কঠোৰ দাবী জনাইছে।