বৰজহা ৰাজ্যিক চিকিৎসালয়ত জিলা আয়ুক্তৰ চাদেন ভিজিত...

দ্বায়িত্বত থকা কৰ্মচাৰীক উদ্দেশ্যি কৰ্তব্য ভালদৰে পালন নকৰিলে নিলম্বন কৰাৰ ধমক দিয়া লগতে ৰাইজৰ অভিযোগৰ ভিত্তিত উচিত শাস্তি প্ৰদান কৰিম বুলিও কয় দেৱাশীষ শৰ্মাই।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-07-11 at 9.19.35 PM

ডিজিটেল সংবাদ,নগাঁও : আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও জিলাৰ বৰজহা ৰাজ্যিক চিকিৎসালয়খন আকস্মিকভাৱে পৰিদৰ্শন কৰে।‌ পৰিদৰ্শন কালচোৱাত চিকিৎসালয়ৰ পৰিৱেশ দেখি ক্ষোভিত হৈ পৰে আয়ুক্ত গৰাকী। 

Advertisment

দৰাচলতে দুপৰীয়া পৰ্যন্ত চিকিৎসালয় খনত উপস্থিত নাছিল কোনো চিকিৎস আৰু কৰ্মচাৰী। বিভাগীয় কৰ্মচাৰীক নেদেখাৰ লগতে চিকিৎসালয়ৰ দুৱাৰ বন্ধ দেখি ক্ষুন্ন হৈ পৰে আয়ুক্ত দেৱাশীষ শৰ্মা। তেওঁৰ নিৰ্দেশ অনুসৰি কিছু সময় পাছতে চিকিৎসালয়ত উপস্থিত হয় চিকিৎসক আৰু কৰ্মচাৰী।

দ্বায়িত্বত থকা কৰ্মচাৰীক উদ্দেশ্যি ভালদৰে কৰ্তব্য পালন নকৰিলে নিলম্বন কৰাৰ ধমক দিয়া লগতে ৰাইজৰ অভিযোগৰ ভিত্তিত উচিত শাস্তি প্ৰদান কৰিম বুলিও কয় দেৱাশীষ শৰ্মাই। উল্লেখ কৰা প্ৰয়োজন যে, চিকিৎসালয় খনত চলি থকা অনিয়ম সন্দৰ্ভত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত আজি আয়ুক্ত গৰাকীয়ে এইদৰে চিকিৎসালয়খন পৰিদৰ্শন কৰিছিল।

নগাঁও নগাওঁ জিলা আয়ুক্ত