/asomiyapratidin/media/media_files/2025/06/27/nagaon-27-2025-06-27-20-43-25.jpg)
ডিজিটেল সংবাদ, নগাঁও: আজি নগাঁও জিলাৰ আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত জিলাখনৰ নৱনিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনৰ সাংবাদিকসকলৰ লগত এক চিনাকি আৰু বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙীয়াই।
অনুষ্ঠানত প্ৰথমেই নগাঁও প্ৰেছ ক্লাব, নগাঁও ইলেকট্ৰনিক মিডিয়া এছোচিয়েছনৰ তৰফৰ পৰা নৱনিযুক্ত আয়ুক্তগৰাকীক ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতেই উপস্থিত সাংবাদিকসকলে আয়ুক্তগৰাকীৰ সন্মুখত নিজৰ নিজৰ পৰিচয় দাঙি ধৰে।
অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, শৈলেন শইকীয়া, হৰেশ্বৰ বৰা, ফাইজুৰ ৰহমান, চফিকুৰ ৰহমান, অজয় মহাতো, চন্দনজ্যোতি বৰা, বীৰেন বৰা, ভাৰ্গব বৰা, মুৰুলী বৰুৱাকে প্ৰমুখ্য কৰি বহুকেইগৰাকী সাংবাদিকে তেওঁলোকৰ ভাষণত আয়ুক্তগৰাকীক নগাঁও জিলালৈ স্বাগতম জনাই আৰু জিলাখনৰ কিছু জলন্ত সমস্যাৰ বিষয়ে আয়ুক্তগৰাকীৰ দৃষ্টিগোচৰ কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি আয়ুক্তগৰাকীয়ে কয় যে, তেওঁ সততা আৰু কৰ্মনিষ্ঠাৰে নিজৰ কৰ্ম সম্পাদন কৰিবলৈ সম্পূৰ্ণ চেষ্টা কৰিব। কিছু কামত ব্যৰ্থ হ’ব পাৰে কিন্তু তেওঁৰ চেষ্টাত কোনো ক্ৰুটি নাৰাখাৰ কথা উল্লেখ কৰে।
তেওঁ কবি চন্দ্ৰধৰ বৰুৱাৰ কবিতা "ধূলিকণা মই" আওৰাই কয় যে, আমি সকলোৱে সমাজৰ বাবে এনে কাম কৰিব লাগে যিয়ে দহৰ উপকাৰ সাধনৰ লগতে আমাৰ এই মানৱ জীৱনৰ উদ্দেশ্য সাৰ্থক হয়। সংবাদসেৱীসকলে উল্লেখ কৰা শৈক্ষিক, সামাজিক আৰু স্বাস্থ্যখণ্ডৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাব বুলি তেখেতে সাংবাদিকসকলক অৱগত কৰে।
শেষত উপস্থিত সকলোৰে অনুৰোধত তেখেতে ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত "মানুহে মানুহৰ বাবে" পৰিবেশন কৰি এই গীতৰ কথাৰে সকলোকে নিজৰ কৰ্মত আগবাঢ়ি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাৱ, নগাঁও ইলেকট্ৰনিক মিডিয়া এছোচিয়েছন, নগাঁও প্ৰিন্ট মিডিয়া এছোচিয়েছনৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে জিলা তথ্য আৰু জনসংযোগ কাৰ্য্যলয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।