সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ শিবিৰ পৰিদৰ্শন জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ

সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অতি উৎফুল্লিত হৈ পৰে অনামিকা তিৱাৰী। শতাধিক কণ কণ শিশু সকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰে

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মায়ংঃ  এজাক কণ কণ শিশু, তাৰ মাজত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰী।মায়ং আঞ্চলিক মহাবিদ্যালয়ত চলি থকা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ শিবিৰত আজি উপস্থিত হয় জিলা আয়ুক্ত গৰাকী।

Advertisment

সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অতি উৎফুল্লিত হৈ পৰে অনামিকা তিৱাৰী। শতাধিক কণ কণ শিশু সকলৰ সৈতে তেওঁ বাৰ্তালাপ কৰা লগতে ফ'টো উঠিও শিশু সকলক উত্‍সাহ যোগাই জিলা আয়ুক্ত গৰাকীয়ে।

মৰিগাঁও