শনীয়াদিত দিবা-নৈশ ফুটবল প্ৰতিযোগিতা.....

প্ৰচণ্ড শীতকো আওকাণ কৰি শনীয়াদী খেল পথাৰত অনুষ্ঠিত হৈছে দিবা-নৈশ ফুটবল প্ৰতিযোগিতা। প্ৰয়াত চিদ্দিক আলী সোঁৱৰণী দিবা-নৈশ ফুটবল চাবলৈ  শনিবাৰে নিশা ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, হাজোঃপ্ৰচণ্ড শীতকো আওকাণ কৰি শনীয়াদী খেল পথাৰত অনুষ্ঠিত হৈছে দিবা-নৈশ ফুটবল প্ৰতিযোগিতা।প্ৰয়াত চিদ্দিক আলী সোঁৱৰণী দিবা-নৈশ ফুটবল চাবলৈ  শনিবাৰে নিশা ওলাই আহিল হাজাৰ হাজাৰ দৰ্শক।

উল্লেখ্য যে, বিশিষ্ট সমাজ সেৱিকা ৰঞ্জুমা বেগমে আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰিছিল এই ফুটবল প্ৰতিযোগিতাৰ লগতে ৰাজ্যিক ফুটবল ৰেফাৰী খবিৰুদ্দিদ্দন আহমেদে উদ্ধোধন কৰে খেল পথাৰ।

শনীয়াদি মৰোবৰী যুৱক সংঘ ও পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ দলে অংশগ্ৰহণ কৰে।। দুদিন ধৰি চলিব লগা এই ফুটবল প্ৰতিযোগিতাত অঞ্চলটোৰ কেইবাজনো খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়।

ফুটবল প্ৰতিযোগিতা হাজো