ৱৰ্ল্ড ইকনমিক ফ'ৰামঃ অসমত ১লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ

ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমক প্রতিনিধিত্ব কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰলৈকে বিভিন্ন সার্থক কার্যসূচীত অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
davoscmhbsb bsbbsbsbbs

ডিজিটেল সংবাদ, ডাভোছঃ ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমক প্রতিনিধিত্ব কৰা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰলৈকে বিভিন্ন সার্থক কার্যসূচীত অংশগ্ৰহণ কৰে। ১৯ জানুৱাৰীত ডাভোছত উপস্থিত হোৱা মুখ্যমন্ত্রীগৰাকীয়ে চাৰিদিনত বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, বিশ্ব বেংক, আন্ত:ৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীকে ধৰি বিভিন্ন দেশৰ প্ৰতিনিধিৰ সন্মুখত ৱৰ্ল্ড ইকনমিক ফ'ৰামত অসমক প্রতিনিধিত্ব কৰে।

এই সময়ত মুখ্যমন্ত্রীয়ে ১৬খন দেশৰ ১০০ৰো অধিক বহুজাতিক কোম্পানীৰ ২০০ গৰাকী উদ্যোগপতি আৰু কূটনৈতিক নেতাৰ সৈতে সাক্ষাতত মিলিত হয়। ইয়াৰ ভিতৰত বিশ্ব প্ৰসিদ্ধ বিই৮ এনার্জী, হার্থা মেটেলছ, ছাছটেইনেবল ইমপেক্ট এল এল চি, লাঞ্জাটেক, এছাৰ কেপিটেল, মুহূট ফিনকর্প লিমিটেড, মুথুট মাইক্র'ফিন লিমিটেড, ভি কে চি ফুটগিয়াৰ, কনমেট হেভী ইণ্ডাষ্ট্রিজ, স্নাইডাৰ ইলেক্ট্রিক, ইন্টার্নেশ্যনেল ছ'লাৰ এলায়েন্স, গ্লেনৰক ৰাবাৰ প্ৰডাক্টছ, অৰুনায়া অর্গেনিকছ আদি বহুজাতিক কোম্পানী উল্লেখযোগ্য। 

এই সন্মিলনত মুখ্যমন্ত্রীয়ে অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ, ছেমিকণ্ডাক্টৰ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি অসমৰ বিকাশ-উন্নয়নত জড়িত বহুতো বিষয় উপস্থাপন কৰে। মুখ্যমন্ত্রীয়ে এই ভ্ৰমণৰ জৰিয়তে স্পষ্টতঃ অসমৰ প্ৰতি বিশ্বৰ ধাৰণা আৰু বিনিয়োগৰ বাবে অসম যে এক উপযুক্ত গন্তব্যস্থলী, সেই বিষয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰে। ইয়াৰ দ্বাৰা অসমে আর্থিক ক্ষেত্রত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগ আকৰ্ষণ কৰা, স্থায়ী উন্নয়ন আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ দিশত নন সুযোগ-সম্ভাৱনা লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্রীয়ে ফ'ৰামত ১৭খনতকৈও অধিক বৈঠকত অংশ লয় আৰু বহুকেইখন বুজাবজি চুক্তিত স্বাক্ষৰ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে 'পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎ-প্রস্তুত কৰ্মশক্তিৰ সুৰক্ষা', 'ভ্ৰমণ আৰু পৰ্যটনঃ দৃষ্টিৰ নেপথ্যত ১০ ট্রিলিয়ন ডলাৰৰ ক্ষেত্ৰ' আদিকে ধৰি বহুকেইখন আলোচনা সত্রত অংশগ্ৰহণ কৰে। 

তৃতীয় নিশা মুখ্যমন্ত্রীয়ে এক নৈশ ভোজৰ অভ্যর্থনাত চাৰিখন মহাদেশৰ ১৫০ বিলিয়ন আমেৰিকান ডলাৰৰো অধিক সামগ্রিক টার্ন-অভাৰক প্ৰতিনিধিত্ব কৰা ২০টাৰো অধিক বহুজাতিক উদ্যোগৰ ব্যৱসায়িক নেতৃবৃন্দৰ সন্মুখত অসমত বিনিয়োগৰ সম্ভাৱনীয়তা প্ৰদৰ্শন কৰে। এই সময়ত পাৱাৰ টু এক্স, ডেনমাৰ্কৰ মুখ্য কার্যবাহী বিষয়া কিম হেডেগার্ড, দুইজাৰলেণ্ডৰ ফাউণ্ডেশ্যন মন্টেগুৰ কাৰ্যবাহী সঞ্চালক গুইলাউম টেইলৰ আৰু সংযুক্ত আৰব যুক্তৰাজ্যৰ ক্ৰিছেণ্ট পেট্রালিয়াম, মুহূট ফিনকর্প, জে এছ ডব্লিউ চিমেন্ট গ্ৰুপৰ নেতাসকল উপস্থিত আছিল। 

মুখ্যমন্ত্রীয়ে জনায় যে "আমি অসমৰ দ্রুত বিকাশ, বিধিবদ্ধ পূর্বানুমানযোগ্যতাৰ বাবে উপযোগী নীতি আৰু আমাৰ বিশাল প্রতিভাশালী কৰ্মশক্তিৰ সন্দর্ভত এক সমৃদ্ধ বাৰ্তালাপ কৰোঁ। আমি বিশ্বাস কৰোঁ যে ব্যক্ত কৰা দিশসমূহে আমাক আটাইতকৈ আকর্ষণীয় বিনিয়োগৰ গন্তব্যস্থল হিচাপে গঢ়ি তুলিছে।" উল্লেখ্য যে, এই মত বিনিময়ে ঔদ্যোগিক খণ্ডৰ বৰ্তমানৰ প্ৰয়োজনীয়তা আৰু ৰাজ্যৰ পাৰস্পৰিক উদ্দেশ্য প্ৰাপ্তিৰ বাবে অসমে কেনেদৰে একেলগে কাম কৰিব পাৰে সেই বিষয়েও বুজ লোৱাত সহায়কৰ ভূমিকা পালন কৰিছিল।

মুখ্যমন্ত্ৰীয়ে "ভ্রমণ আৰু পৰ্যটনঃ দৃষ্টিৰ নেপথ্যত ১০ ট্রিলিয়ন ডলাৰৰ ক্ষেত্ৰ" শীর্ষক অধিৱেশনত অংশগ্রহণ কৰি উল্লেখ কৰে যে পর্যটনক কেৱল মাত্ৰ এক অৱসৰৰ ক্ষেত্ৰৰ দৃষ্টিৰ সলনি নিয়োগ, আঞ্চলিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ মূল অর্থনৈতিক আন্তঃগাঁথনি হিচাপে স্বীকৃতি দিব পাৰি। 

এই অধিৱেশনত তেওঁ অসমৰ পৰ্যটন ক্ষেত্ৰখনে ঐতিহ্য, বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ কোনোধৰণৰ ক্ষতি নোহোৱা জীৱিকা, ব্ৰহ্মপুত্ৰৰ পৰা চাহ বাগিচা আৰু ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনে স্থানীয় লোকসকলক উপকৃত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণতো গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে। এই অধিৱেশনত ছৌদি আৰব, ফ্রান্স, ইণ্ডোনেছিয়া, টিউনিছিয়াৰ বিশিষ্ট প্রতিনিধিৰ লগতে ইউৰোপীয় আয়োগৰ বহনক্ষম পৰিবহণ আৰু পৰ্যটন বিষয়ক আয়ুক্তও উপস্থিত থাকে। 

বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সন্মুখত কয় যে- "আমি ডাভোছৰ এই সন্মিলনত বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিবলৈ সমর্থ হৈছোঁ।" তেওঁ কয় যে- ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বাবে অসম আজি ভাৰতৰ আটাইতকৈ দ্রুতগতিত বিকশিত ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু আগলৈও সেই ধাৰা অব্যাহত থাকিব। 

অসমে আজি হাইড্র'কার্বন আৰু চাহ ইত্যাদিৰ চিৰপৰিচিত পৰিধি চেৰাই অন্যান্য খণ্ডসমূহতো প্রতিনিধিত্ব কৰাৰ বাট প্রশস্ত কৰিছে। অসমৰ সেই উৎকৃষ্টতা আৰু সম্ভাৱনীয়নালৈ লক্ষ্য ৰাখিয়েই অসমলৈ ছেমিকণ্ডাক্টৰ উদ্যোগৰ উপৰি লাখ লাখ কোটি টকা লৈ বিভিন্ন বিনিয়োগকাৰী আহিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰে। 

তেওঁ উল্লেখ কৰে যে- নিৰ্বাচনৰ সময়তো তেওঁৰ ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশগ্ৰহণ কৰাৰ একমাত্র উদ্দেশ্য অসমৰ বাবে সম্ভাৱনাৰ নতুন পথ প্রশস্ত কৰা। এই সন্মিলনে অসমলৈ বহু ইতিবাচক খবৰ কঢ়িয়াব বুলি তেওঁ মন্তব্য কৰে। 

ছেমিকণ্ডাক্টৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে- অসমৰ বাবে ছেমিকণ্ডাক্টৰ উদ্যোগটো কেৱল চিপছ নির্মাণতে সীমাবদ্ধ নহয়, সমগ্র অর্থব্যৱস্থা গঢ়ি তোলাৰো এক বিষয়। এই দিশত ডাভোছত আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ পৰা অসমে যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰা বুলি তেওঁ সদৰী কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা