দৌল যাত্ৰা মহোৎসৱ : বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রীক বিনামূলীয়া ভোজন…

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱ উপলক্ষে নগাঁও জিলাৰ কেইবাগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টা বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রীসকলক বিনামূলীয়াকৈ ভোজনৰ ব্যবস্থা কৰা হয়

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
দৌল যাত্ৰা মহোৎসৱ : বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রীক বিনামূলীয়া ভোজন

দৌল যাত্ৰা মহোৎসৱ : বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রীক বিনামূলীয়া ভোজন

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দৌল যাত্ৰা মহোৎসৱ উপলক্ষে নগাঁও জিলাৰ কেইবাগৰাকী উদ্যমী যুৱকৰ প্ৰচেষ্টা বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রীসকলক বিনামূলীয়াকৈ ভোজনৰ ব্যবস্থা কৰা হয়। উল্লেখযোগ্য যে, দৌল যাত্ৰা মহোৎসৱত পোন প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এই ব্যৱস্থা বটদ্ৰৱা থানৰ হাটীপুখুৰীৰ পাৰত কৰা হয়। 

Advertisment

তীৰ্থযাত্রীসকলৰ বাবে খিচিৰি ভোগেৰে এই ব্যৱস্থা শুভাৰম্ভ কৰি বটদ্ৰৱা নৰোৱা সত্রৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীয়ে উদ্যমী যুৱকসকলৰ মহান প্ৰয়াসক শলাগ লয়। লগতে প্ৰতি বছৰে দৌল যাত্ৰা মহোৎসৱ যাতে এনে বিনামূলীয়া ভোজনৰ ব্যবস্থা কৰি তীৰ্থযাত্ৰীসকলক আপ্যায়ন কৰিবলৈ সকলো আগবাঢ়ি আহে তাৰ বাবে অনুৰোধ জনায়। 

দৌল যাত্ৰা মহোৎসৱ : বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রীক বিনামূলীয়া ভোজনদৌল যাত্ৰা মহোৎসৱ : বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রীক বিনামূলীয়া ভোজন

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা এই কাৰ্যসূচীত প্ৰাঞ্জল ৰাজখোৱা, গণেশ বৰা, চন্দনজ্যোতি বৰা, বটদ্ৰৱা থানৰ হাতীবহাৰ ভকত -বৈষ্ণৱকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

batadraba