/asomiyapratidin/media/media_files/2025/03/14/dz60XOnXBpnCtxo7EpUT.jpg)
বটদ্ৰৱা থান
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীশংকৰদেৱে২১ বছৰ বয়সত বটদ্রৱা থানত গোবিন্দ গোসাঁই শিৰত ফাকু দি আৰম্ভ কৰিছিল দৌল যাত্ৰা মহোৎসৱ। এই মহান পৰম্পৰাক আধাৰ কৰি প্ৰতিবছৰে বটদ্ৰৱা থানত উলহ-মালহেৰে উদযাপিত হৈ আহিছে দৌল যাত্ৰা মহোৎসৱ।
এইবেলি পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত দৌলযাত্রা মহোৎসৱৰ আজি দ্বিতীয় দিন। আজি দৌল পূৰ্ণিমা। পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমনত উদুলি-মুদুলি হৈ পৰিছে বটদ্ৰৱা থানৰ চৌদিশ।
হৰিনামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে আকাশ -বতাহ। আজি দুপৰীয়া নাম- কীৰ্তনৰ পাছতে গোবিন্দ গোসাঁই শিৰত ফাকু দিয়া পৰ্ব অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।