Advertisment

কন্যাই বৃক্ক দান কৰিব লালু প্ৰসাদ যাদৱক...

ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ পিতৃ পুৰুষ লালু যাদৱ বৰ্তমান অসুস্থ।

author-image
Asomiya Pratidin
New Update
কন্যাই বৃক্ক দান কৰিব লালু প্ৰসাদ যাদৱক...

ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় জনতা দল (আৰজেডি)ৰ পিতৃ পুৰুষ লালু যাদৱ বৰ্তমান অসুস্থ। যাদৱৰ কন্যা ছিংগাপুৰস্থিত কন্যা ৰোহিনী আচাৰ্যই তেওঁৰ দেউতাকক এটা বৃক্ক দান কৰিব।

Advertisment

৭৪ বছৰীয়া লালু যাদৱে যোৱা মাহত ছিংগাপুৰৱৈ বৃক্কজনিত সমস্যাৰ চিকিৎসাৰ বাবে গৈছিল।একাধিক স্বাস্থ্য জনিত সমস্যাত ভুগি থকা আৰজেডি সভাপতি গৰাকীক বৃক্ক সংৰোপণৰ পৰামৰ্শ দিছিল চিকিৎসকে।

পৰিয়ালৰ এজন সদস্যই জনাই যে, ছিংগাপুৰত থকা তেওঁৰ জীয়ৰী ৰোহিনী আচাৰ্যই তেওঁৰ দেউতাকক এক নতুন জীৱন প্ৰদান কৰিবলৈ আগবাঢ়িছে। বৃক্ক দিব তেওঁৰ কন্যাই।

বৰ্তমান দিল্লীত থকা লালু যাদৱ জামিনত আছে। তেওঁ পশুখাদ্যৰ গোচৰত জড়িত থকাৰ বাবে কাৰাগাৰলৈ গৈছিল আৰু চিকিৎসাৰ বাবে দিল্লী , ৰাঁচীত কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হৈছে।

অৱশ্যে তেওঁৰ বৃক্ক সংৰোপন কেতিয়া হ'ব এই বিষয়ে কোনো খবৰ প্ৰকাশ পোৱা নাই।

rjd lalu prashad yadav