ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা : ১৯ জুনত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

ভাৰতীয় নিৰ্বাচন আয়োগে শেহতীয়াকৈ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ এক বিবৃতি জাৰি কৰিছে। এই বিবৃতি অনুসৰি অহা ১৯ জুনত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ পৰ্ব। 

author-image
Asomiya Pratidin
New Update
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা : ১৯ জুনত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

ডিজিটেল ডেস্ক : ভাৰতীয় নিৰ্বাচন আয়োগে শেহতীয়াকৈ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ এক বিবৃতি জাৰি কৰিছে। এই বিবৃতি অনুসৰি অহা ১৯ জুনত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ পৰ্ব। 

উল্লেখযোগ্য যে, ৰাজ্যসভাৰ খালী হ’বলগীয়া অসমৰ দুখন আসনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। তাৰোপৰি উক্ত দিনাই ঘোষণা হ’ব ফলাফলো।

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা : ১৯ জুনত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ১৪ জুনত অন্ত পৰিব অসমৰ দুগৰাকী সাংসদ মিছন ৰঞ্জন দাস আৰু বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ কাৰ্যকাল। সেয়েহে ১৯ জুনত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

উল্লেখযোগ্য যে, এই নিৰ্বাচনৰ বাবে ২ জুনত জাৰি কৰা হ’ব অধিসূচনা। ৯ জুন হ’ব মনোনয়ন দাখিলৰ অন্তিম দিন। ১২ জুন মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা বুলি নিৰ্বাচন আয়োগে বিবৃতিত উল্লেখ কৰিছে।

ৰাজ্যসভাৰ নিৰ্বাচন ৰাজ্যসভা