দৰং জিলা পৰিষদৰ সভাপতিৰ দায়িত্বত শেৱালী গোস্বামী কলিতা

বহু প্ৰতীক্ষাৰ অন্তত গঠন হ'ল দৰং জিলা পৰিষদ। পৰিষদখনৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰিলে শেৱালী গোস্বামী কলিতাই। আনহাতে উপ সভাপতি হিচাপে পৰিস্মিতা নাথৰ নাম ঘোষণা কৰা হৈছে ।

author-image
Asomiya Pratidin
New Update
দৰং জিলা পৰিষদৰ সভাপতিৰ দায়িত্বত শেৱালী গোস্বামী কলিতা

ডিজিটেল সংবাদ মঙলদৈঃ বহু প্ৰতীক্ষাৰ অন্তত আজি গঠন হ'ল দৰং জিলা পৰিষদ। পৰিষদখনৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰিলে শেৱালী গোস্বামী কলিতাই। আনহাতে উপ সভাপতি হিচাপে পৰিস্মিতা নাথৰ নাম ঘোষণা কৰা হৈছে ।

উল্লেখ্য যে, ১২ খন আসন থকা দৰং জিলা পৰিষদ বিজেপি দলে দখল কৰিছিল ৬ খন আসন। ইয়াৰ বিপৰীতে এজিপি দলে এখন আসন, কংগ্ৰেছ দলে ৪ খন আসন আৰু ৰাইজৰ দলে এখন আসন লাভ কৰিছিল। ইয়াৰ পিছত আজি বিজেপি এজিপি মিত্ৰ দলেৰে গঠন হ'ল দৰং জিলা পৰিষদ।

মঙলদৈ বিজেপি