/asomiyapratidin/media/media_files/2025/02/20/EATpTEBKganZCW2VK6zP.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ দৰং-ওদালগুৰি কৈৱৰ্ত সন্মিলনৰ ৩৮ সংখ্যক অধিবেশন মঙলদৈ মোহনপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসক অভ্যৰ্থনা সমিতিৰ সভাপতি হিচাপে লৈ এই অধিৱেশন উপলক্ষে এক শক্তিশালী উদযাপন সমিতি গঠন কৰে।
অধিৱেশনৰ মঙলদৈ হাউলী মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বৃহস্পতিবাৰে লাইখুঁটা স্থাপন কৰা হয়। অধিবেশনত দৰং-ওদালগুৰিৰ কেইবা হাজাৰ লোক উপস্থিত হোবাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে গুৰুজ্যোতি দাসে ৷
উল্লেখযোগ্য যে অধিবেশনৰ দ্বিতীয় দিনা অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী উপস্থিত হ’ব বুলি জানিব দিলে প্ৰাক্তন বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে ৷