/asomiyapratidin/media/media_files/2025/03/25/LyytHhmlWY9NNvKLuqt3.jpg)
ডিজিটেল সংবাদ,মঙলদৈ: আমি প্ৰতি জন লোকে ভাল কাম কৰি সমাজ গঢ়াত সহায় কৰিব পাৰো- এই মন্তব্য মঙলদৈৰ বিশিষ্ট সমাজসেৱক, ৰক্ত দাতা শেখৰ মজুমদাৰৰ। মঙলবাৰে দৰং জিলা শিশু সুৰক্ষা গোট আৰু চাইল্ড হেল্পলাইনৰ উদ্যোগত এক মটৰ চাইকেল ৰেলী উদ্বোধন কৰি এই দৰে মন্তব্য আগবঢ়াই মজুমদাৰে।
শিশু সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে দৰং জিলা শিশু সুৰক্ষা গোটৰ লগতে চাইল্ড হেল্পলাইন দৰঙৰ উদ্যোগত অসম ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সহযোগত জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা এই ৰেলী মঙলদৈ চহৰৰ লগতে চহৰৰ পাৰ্শ্ববৰ্তী অঞ্চল পৰিভ্ৰমণ কৰে।
এই ৰেলীত জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়াৰ লগতে সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ পৰা লিংগ বিশেষজ্ঞ তৃষ্ণা গোস্বামী, শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ৰ আইন আবেক্ষণ বিষয়া বনশ্ৰী সৰস্বতী, সমাজকৰ্মী স্বৰ্ণৰেখা ডেকা, দুলাল চন্দ্ৰ ডেকাৰ লগতে কৰ্মকৰ্তা সীমান্ত হাজৰিকা, গীতাঞ্জলি সুত , উৎপল নাথ।
চাইল্ড হেল্পলাইনৰ কৰ্মচাৰী চিন্ময় শৰ্মা, চন্দনা কলিতা, নিলোৎপল কাশ্যপ, ৰাজুমণি নাথ, ৰূপম কিশোৰ নাথ। সত্ৰ ( NGO)ৰ পৰা শশীন্দ্ৰ শৰ্মা, কৃষ্ণামণি ডেকা, জগদীশ হাজৰিকা, ধ্ৰুৱ জ্যোতি নাথ,পল্লব জ্যোতি নাথ,ৰয়েল ৰিপাব্লিক স্কৱাৰ্ড মঙলদৈৰ দিপ্লু শৰ্মা, বিজু ডেকা, মিন্তু শইকীয়া, সঞ্জয় বৰুৱা, ইক্ৰামুল মজিদ, দিগজয় বৰুৱা, চাণক্য বৰুৱা, ক্ষিৰোদ চহৰীয়া, হিৰণ্য চহৰীয়া,চুহম মজুমদাৰ, সত্যজিত ডেকা আদিয়ে অংশগ্ৰহণ কৰে।