/asomiyapratidin/media/media_files/2026/01/08/597-2026-01-08-18-08-34.jpg)
ডিজিটেল সংবাদ, দৰং : দৰং- ওদালগুৰি সীমান্তৱৰ্তী পদুপৰিত কংগ্রেছী গুণ্ডাবাহিনীৰ অতপালি। পদুপৰিত নির্মাণ হৈ থকা পেভাৰ ব্লক পথত কর্মৰত শ্রমিকৰ লগতে ঠিকাদাৰক আক্ৰমণৰ অভিযোগ উঠিছে কংগ্রেছী গুণ্ডাবাহিনীৰ বিৰুদ্ধে।
এ আই ইউ ডি এফৰ বিধায়ক মুজিবুৰ ৰহমানৰ সমষ্টিত নির্মাণ হৈ থকা পেভাৰ ব্লক পথৰ নিম্নমানৰ কামৰ অভিযোগ তুলি কংগ্রেছী গুণ্ডা বাহিনীয়ে কামত বাধা দিয়াৰ লগতে শাৰিৰীক আক্ৰমণ চলাই শ্রমিকৰ লগতে ঠিকাদাৰক। বালিগাঁও আঞ্চলিক পঞ্চায়তৰ কাউন্সিলাৰ লতিফা য়েছমিন, বৰকত উল্লাস, ইব্রাহিম আলীৰ লগতে নেমছু গোলাপ ৰাব্বানী গোটৰ তহিদুৰ ৰহমানৰ ছত্রছায়ত প্রায় ৫০ জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণৰ লক্ষ্য কৰি লয় শ্রমিকসকলকৰ লগতে ঠিকাদাৰক।
উল্লেখ্য যে, পদুপৰিত নির্মাণ হৈ থকা প্রায় ৫০ লক্ষাধিক টকা ব্যয়সাপেক্ষে নির্মাণ হৈ থকা পথত কেইদিনমান পূর্বে নেমছু গোলাপ ৰাব্বানী গোটৰ তহিদুৰ ৰহমানে দাবী কৰিছিল ৫০ হাজাৰ টকা। টকা নিদিয়াত সামাজিক মাধ্যমত পথক লৈ তহিদুৰে বিকৃত মন্তব্য কৰাত ক্ষুদ্ধ হৈ পৰিছিল স্থানীয় জনতা।
ক্ষুদ্ধ ৰাইজে নেমছু নেতা তহিদুৰ ৰহমানৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্রতিবাদ। যাব বাবে বুধবাৰে নেমছু নেতা তহিদুৰ ৰহমানৰ পক্ষত ওলাই আহি পথ নির্মাণত ব্যস্ত থকা শ্রমিকৰ লগতে ঠিকাদাৰক আক্রমন কৰে কংগ্রেছী গুণ্ডাবাহিনীয়ে। ঘটনাৰ পাছতেই সমগ্র দলগাঁওতেই সৃষ্টি হৈছে তীব্র প্রতিক্রিয়াৰ।
ধনদাবী কৰা নেমছু নেতাৰ পক্ষত আহি কংগ্রেছী গুণ্ডাবাহিনীয়ে চলোৱা সন্ত্রাসৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে স্থানীয় জনতাই। ক্ষুদ্ধ ৰাইজে কংগ্ৰেছে মুর্দাবাদ ধ্বনি দি উত্তাল কৰি তোলে সমগ্র অঞ্চল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us