শিল্পী পেঞ্চন প্ৰাপক আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা শিল্পীক প্ৰমাণ পত্ৰ প্ৰদান

দৰং জিলাত ৭ গৰাকী নিয়মীয়া শিল্পী পেঞ্চন প্ৰাপক আৰু ১৪ গৰাকী বাৰ্ষিক শিল্পী সন্মান লাভকাৰী শিল্পীয়ে এই অনুষ্ঠানৰ জৰিয়তে প্ৰমাণপত্ৰ লাভ কৰে...

author-image
Asomiya Pratidin
New Update
1শিল্পী

ডিজিটেল সংবাদ,মঙলদৈঃ  মঙলবাৰে দৰং জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত, দৰং জিলা প্ৰশাসনৰ উদ্যোগত এখন প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। দৰঙৰ জিলা আয়ুক্ত প্ৰৰাগ কুমাৰ কাকতিয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে নিয়মীয়া শিল্পী পেঞ্চন প্ৰাপক আৰু বাৰ্ষিক শিল্পী সন্মান লাভ কৰা শিল্পীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

Advertisment

দৰং জিলাত ৭ গৰাকী নিয়মীয়া শিল্পী পেঞ্চন প্ৰাপক আৰু ১৪ গৰাকী বাৰ্ষিক শিল্পী সন্মান লাভকাৰী শিল্পীয়ে এই অনুষ্ঠানৰ জৰিয়তে প্ৰমাণপত্ৰ লাভ কৰে। জিলা প্ৰশাসনৰ এই পদক্ষেপে দৰঙৰ  সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু বিকাশত অৱদান ৰাখি অহা শিল্পীসকলক সন্মান জনোৱা হয়।

দৰঙী লোক সংস্কৃতিৰ উত্তৰণত শিল্পী সকলক জনোৱা সন্মানে এক ইতিবাচক প্ৰদক্ষেপ বুলি শিল্পী সকলে মন্তব্য কৰে। জাতিটোৰ কাৰনে আৰু কাম কৰিবলৈ উৎসাহিত হোৱা বুলি উপস্থিত শিল্পী সকলে মন্তব্য কৰে।

শিল্পী পেঞ্চন