দৰঙৰ শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কেশৱ মহন্তৰ

মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত নৱন শ্ৰেণীৰ শিক্ষাৰ্থীক ৮,১৮৭খন চাইকেল প্ৰদান কৰে। আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক নগদ ধন ১,১১৩ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
i

ডিজিটেল সংবাদ,মঙলদৈ:   সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো সোমবাৰে অসম চৰকাৰৰ উদ্যোগত শিক্ষা,উদ্যোগ,বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ স্কুটি,চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয় ৷ দৰং জিলাৰ ছিপাঝাৰ ,মঙলদৈ আৰু দলগাঁও তিনিটা বিধানসভা সমষ্টিৰ প্ৰায় দহ হাজাৰ শিক্ষাৰ্থীয়ে এই বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Advertisment

অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা,উদ্যোগ,বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে বিকাশৰ ১২ দিন অনুষ্ঠান আয়োজন কৰিছে। এই কাৰ্যসূচীৰ অধীনত প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীক ২,২৩৬ খন স্কুতি প্ৰদান কৰে।

মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত নৱন শ্ৰেণীৰ শিক্ষাৰ্থীক ৮,১৮৭খন চাইকেল প্ৰদান কৰে। আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীক নগদ ধন ১,১১৩ গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা হয়।

এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে জিলা অভিভাৱক তথা ৰাজহ , দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস , ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী,অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস,জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি,জিলা আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ লগতে জিলা খনৰ শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰী সকল।

আনন্দৰাম বৰুৱা বঁটা