দৰঙত শোকাৱহ দুৰ্ঘটনাঃ নিহত দুই যুৱক

আহত কিতাপ আলী আৰু নাছিৰুদ্দিন আলীক প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

author-image
Asomiya Pratidin
New Update
ৱলমৱৱ

ডিজিটেল সংবাদ,মঙলদৈ:  পবিত্ৰ ঈদৰ দিনাই দৰঙৰ ধুলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাত নিহত হয় দুজন যুৱক। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধুলাৰ অন্তৰ্গত গৰাপৰি খেৰাজ গাঁৱত সোমবাৰে পুৱা মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষত দুজন যুৱকৰ মৃত্যু হয়।

Advertisment

মৃত যুৱক দুজন ক্ৰমে আলগা চৰৰ শুকুৰ আলী (২৯) আৰু গড়াপৰিৰ জমিৰ আলী(১৯)। ইফালে আহত কিতাপ আলী আৰু নাছিৰুদ্দিন আলীক প্ৰথমতে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, ঈদৰ নামাজৰ পূৰ্বে ঘৰৰ পৰা দুখন বাইক লৈ ওলাই আহিছিল চাৰিওজন যুৱক।

 

দৰং