দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুখপত্ৰৰ বাবে লেখা আহ্বান...

১০,১১ আৰু ১২ জানুৱাৰীত অনুষ্ঠিত হ'ব জয়ন্তী

author-image
Asomiya Pratidin
New Update
দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুখপত্ৰৰ বাবে লেখা আহ্বান...

দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুখপত্ৰৰ বাবে লেখা আহ্বান

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুখপত্ৰৰ বাবে লেখা আহ্বান। ঢকুৱাখনা মহকুমাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে সমাগত ২০২৩ চনত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিব । 

Advertisment

বৃহত্তৰ ডিমৰুগুৰি আৰু ডাংধৰা অঞ্চলত গুণগত উচ্চ শিক্ষা প্ৰসাৰণত বৰেণ্য অৱদান আগবঢ়াই অহা শিক্ষানুষ্ঠানখনৰ এই বৰ্ণিল বিদ্যায়তনিক যাত্ৰাৰ সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে অহা ২০২৩ বর্ষৰ ১০ ,১১আৰু ১২ জানুৱাৰীত সোণালী জয়ন্তী উৎসৱটি উদযাপনৰ বাবে প্ৰবীণ শিক্ষাবিদ তৰুণ চন্দ্ৰ পাতিৰক সভাপতি ,কৰুণা গোঁহাইক সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰিছে বুলি জানিবলৈ দিয়ে।

উদযাপন সমিতিৰ বিষয়-ববীয়াই জানিবলৈ দিয়া মতে ইতিমধ্যে মুঠ ১২ খন উপ সমিতি গঠন কৰি ক্ষীপ্ৰতাৰে প্ৰস্তুতি অব্যাহত ৰাখি সোণালী জয়ন্তী উপলক্ষত " সোণালী সুবাস" নামৰ এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰো প্ৰচেষ্টা কৰিছে। উদ্যমী যুৱক পদ্মকান্ত দলেক সম্পাদক হিচাবে দায়িত্ব অৰ্পণ কৰি উদযাপন সমিতিয়ে এখন সম্পাদনা সমিতিও গঠন কৰি দিয়ে ।

স্মৃতি গ্ৰন্থৰ সম্পাদক দলেয়ে এক বিবৃত্তি যোগে স্মৃতি গ্ৰন্থত প্ৰকাশৰ বাবে বিদ্যালয়ৰ শিক্ষক,কৰ্মচাৰী, শিক্ষাৰ্থী, আগ্ৰহী লেখক, ৰাজ্যখনৰ ভিন্ন প্ৰান্তত থকা বিদ্যালয়খনৰ প্ৰাক্তন শিক্ষাৰ্থী সকল , অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰী সকলৰ লগতে শুভাকাংক্ষী সকলৰ পৰা গৱেষণা ধৰ্মী প্ৰবন্ধ ,উপন্যাস , গল্প ,কবিতা , অতীত ৰোমন্থনকাৰী লেখাৰ লগতে বিদ্যালয়ৰ বৰ্ণিল ইতিহাস সম্পৰ্কীয় লেখা আহ্বান জনাইছে।

স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিয়ে জনোৱা ঠিকনা অনুসৰি অহা ২৫ ডিচেম্বৰ বা তাৰ পূৰ্বে পদ্মকান্ত দলে ,সম্পাদক, স্মৃতিগ্ৰন্থ "সোণালী সুবাস", প্ৰযত্নে- সম্পাদনা সমিতিৰ কাৰ্যালয়,  দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ,ডাক: ঔগুৰি দাংধৰা ,পিন- ৭৮৭০৫৫ অথবা সম্পাদকৰ padmadoley1955@gmail.com মেইল যোগে নাইবা 9859250580 নম্বৰৰ "হোৱাটছ-এপ" যোগে অসমীয়া ,ইংৰাজী  আৰু মিচিং ভাষাত লিখি বা ডি টি পি কৰি লেখাসমূহ প্ৰেৰণ কৰাৰ বাবে আহ্বান জনায়।

আৰু পঢ়কঃ প্ৰসংগঃ ৰাহুল চেত্ৰী

assam dhakuakhana