/asomiyapratidin/media/media_files/2025/07/22/1-2025-07-22-17-20-53.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত, বটদ্ৰৱা সত্ৰীয়া শৈক্ষিক অনুষ্ঠান বৰদোৱা সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ ব্যৱস্থাপনাত অনুষ্ঠিত সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সোমাবৰে নিশা সফল সামৰণি পৰে।
বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানত বৰদোৱা সত্ৰীয়া সাংস্কৃতিক কেন্দ্ৰৰ সমূহ প্ৰশিক্ষাৰ্থী অংশ গ্ৰহণ কৰি আৰম্ভণিতে "শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশাচৰ" শীৰ্ষক বৰগীত পৰিৱেশন কৰে, পাছত মাটিৰ আখৰা, নৃত্যলীলা ভক্তি বন্দনা, হৰি নাচে, শ্লোকৰ নাচ, ভোৰতাল নৃত্য, কৰতল কমল, আৰু বৰদোৱা আৰ্হিৰ গীত নৃত্য পৰিবেশন কৰে।
বৰদোৱা সত্ৰীয়া সংস্কৃতিৰ কেন্দ্ৰৰ সভাপতি জয়ন্ত মাধৱ বৰাই আঁত ধৰা অনুষ্ঠানটিতৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই। অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্য ৰঞ্জন বৰাই ছাত্ৰ ছাত্ৰী সকলক প্ৰশংসা আৰু আশীৰ্বাদ প্ৰদান কৰাৰ লগতে এই আগন্তক ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হবলগিয়া সূত্ৰধাৰ শীৰ্ষক শৈক্ষিক আৰু সাংস্কৃতিক সন্মিলনৰ বিষয়ে বিবৰণী দাঙি ধৰে।
অনুষ্ঠানটিত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামী, বটদ্ৰৱা থানৰ বৰনামলগোৱা তথা শিল্পী পেঞ্চনাৰ ডম্বৰুধৰ গায়ন, হিৰামনি বৰুৱা, বদন কলিতা, সোনামনি কলিতা, সদানন্দ ভূঞা, শিৱ বৰা, ৰাজীৱ মহন্ত, দেৱাশ্ৰী গোস্বামী, পুস্পেন্দ্ৰ কলিতা, সুৰেণ বৰা, ৰাতুল হাজৰিকা, বিপুল শইকীয়া, প্ৰদীপ গোস্বামী, উপেন শইকীয়া, গিৰিকান্ত নাথ, ৰবিন নাথ, ৰণিতা বৰঠাকুৰ, ৰীণা বৰুৱা, অৰ্চনা বৰুৱাকে আদি কৰি কাৰ্যকৰ্তা, সদস্য, প্ৰশিক্ষাৰ্থী, অতিথি সহ সহস্ৰাধিক লোক উপস্থিত থাকে।