/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9f1f663f-468d-4c19-a069-5fd91d6aaa4b/rasta_28.jpg)
বানে বিধ্বস্ত কৰা পকী পথত বাহৰ সাঁকোঃ লোক নিৰ্মাণ বিভাগৰ মহিমা...
ডিজিটেল সংবাদ দুমুনিচকী: মেৰামতিৰ অভাৱত বৰ্তমান সময়তো বিধ্বস্ত অৱস্থাত আছে পূৱ কামৰূপ অঞ্চলৰ কেইবাটাও গড়কাপ্তানী পথ। বিগত সময়ৰ সংহাৰী বানে বিস্তৰভাৱে ক্ষতি কৰা পূব কামৰূপ অঞ্চলৰ অধিকাংশ গড়কাপ্তানী পথৰ মেৰামতি কৰাটো দূৰৰে কথা আনকি বানে ছিঙি নিয়া পকী পথত বাহৰ সাঁকো নিৰ্মাণ কৰিয়েই দায়িত্ব শেষ কৰিছে লোক নিৰ্মাণ বিভাগৰ ৰঙিয়া সংমণ্ডলৰ অধীনৰ কমলপুৰ উপ-সংমণ্ডল বিষয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3e061e82-3dd8-4fa6-b926-67a11857a37c/72d9a956_8fc5_48c1_9f3a_47d502529239.jpg)
লোক নিৰ্মাণ বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপসংমণ্ডলৰ একাংশ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই বান বিধ্বস্ত পকী পথসমূহ সম্প্ৰতি জৰাজীৰ্ণ হৈ পৰিছে। দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত থকা বান বিধ্বস্ত পকী পথসমূহৰ বিভিন্ন অংশত দ গাঁতৰ সৃষ্টি হোৱাৰ উপৰিও পথসমূহৰ দাঁতিত থকা মাটি বানে খহায় নিয়াৰ ফলত উক্ত পথেদি যাতায়ত যোগাযোগ বিপদজনক হৈ পৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/3cb7493d-ac50-4a98-b79a-27c1a5f669a8/a26cfd1d_e752_4fff_8a52_2b089bb241be.jpg)
শেহতীয়াকৈ হোৱা বানত বিধ্বস্ত হৈ মেৰামতিৰ অভাৱত থকা অন্যতম গড়কাপ্তানী পথ হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী শালমাৰা -হালধা গড়কাপ্তানী পথৰ উপৰিও কৰৰাৰ পৰা মালিবাৰী হৈ দুমুনিচকী সংযোগী পকী পথটো। উল্লেখ্য যে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালমাৰাৰ পৰা সংযোগ হোৱা শালমাৰা হালধা গড়কাপ্তানী পথটোৰ প্ৰথম প্ৰায় দুই কিলোমিটাৰ অংশ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত যদিও বাকী অংশ লোক নিৰ্মাণ বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপসংমণ্ডলৰ অন্তৰ্গত।
অতি ব্যাস্ত উক্ত গড়কাপ্তানী পথটো শেহতীয়াকৈ হোৱা সংহাৰী বানে সম্পূৰ্ণৰূপে বুৰায় পেলায়। গড়কাপ্তানী পথটোৰ ওপৰেদি বৈ যোৱা পানীয়ে মালিবাৰীৰ অংশত বিস্তৰ ক্ষতি কৰে। সংহাৰী বানে পকী পথৰ দাঁতিৰ মাটিও খহায় নিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/1a0805b6-57af-41e1-9a4e-16210cbfef0d/ea0595d0_8483_4306_b467_10e9f46f4cf0.jpg)
ইফালে কৰৰাৰ পৰা মালিবাৰী হৈ দুমুনিচকী সংযোগী পকী পথটোৰ বৰহাজাৰা তিলকৰ চকৰ পৰা মালিবাৰীলৈকে প্ৰায় ৬/৭ কিলোমিটাৰ পথ বানৰ কবলত পৰি বিধ্বস্ত হৈ পৰে। প্ৰলয়ংকাৰী বানে উক্ত পথৰ মালিবাৰীত প্ৰায় চাৰিশ মিটাৰ পথ সম্পূৰ্ণ ছিঙি পেলায়।
যাৰ ফলত পথটোৰে যাতায়ত যোগাযোগ বন্ধ হৈ পৰে। পিছলৈ পথটোৰ ছিঙি যোৱা অংশত গড়কাপ্তানী বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীয়ে বাহৰ সাঁকো এখন নিৰ্মাণ কৰায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5e835409-3a26-4193-be15-1ec9f1522aa3/6a69b2e1_e120_4e1d_b0b3_bc091d1d6e7b.jpg)
সৰ্বসাধাৰণ পথচাৰীৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উক্ত সাঁকোৰে খোজ কাঢ়ি যাতায়ত অব্যাহত ৰাখে যদিও বৰ্তমানৰ শেষ ভৰষা উক্ত সাঁকোখনেৰে যাতায়ত কৰাও বিপদজনক হৈ পৰিছে। লোক নিৰ্মাণ বিভাগৰ ৰঙিয়া সংমণ্ডল তথা কমলপুৰ উপ-সংমণ্ডলৰ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই কামৰূপ জিলাৰ বান বিধ্বস্ত পকী পথসমূহ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে।
বিধ্বস্ত পকী পথেৰে যাতায়ত কৰি যমৰ যাতনা ভোগ কৰি অহা ভুক্তভোগী ৰাইজে উক্ত পথসমূহ শীঘ্ৰে মেৰামতিৰ দাবী উত্থাপন কৰিছ।
ক্লিক কৰি পঢ়কঃ ভৈৰৱকুণ্ড বনভোজস্থলীত ভয়ংকৰ দৃশ্যঃ হঠাৎ পাহাৰৰ পৰা নামি আহিল হাতী...