Advertisment

চাৰিকড়ীয়াৰ অৱবাহিকাত আৰম্ভ দৈয়াং ভোগালী উৎসৱ-২০২৫

বৰ অসমৰ ভেঁটিৰ লোক সংস্কৃতি, পৰম্পৰা আৰু লোক উৎসৱৰ অপূৰ্ব খনি স্বৰূপ ঢকুৱাখনাৰ সুকীয়া আৰু স্বকীয় স্বাভিমান সুৰক্ষা আৰু প্ৰসাৰৰ লক্ষ্যৰে আত্মপ্ৰকাশ কৰা "চাৰিকড়ীয়া ক্লাব হাউছ"ৰ উদ্যোগত পৰম্পৰাগতভাৱে ভোগালী বিহুৰ প্ৰাকক্ষণত শনিবাৰে অনুষ্ঠিত হয়  দৈয়াং ভোগালী  উৎসৱ-২০২৫।

author-image
Asomiya Pratidin
New Update
Daiyang Bhogali Festival-2025 begins in Charikadia basin

Daiyang Bhogali Festival-2025 begins in Charikadia basin

ডিজিটেল সংবাদ, ঢকুৱাখনা : অসমীয়া লোক কৃষ্টি আৰু সংস্কৃতিৰ বৰঘৰ ঢকুৱাখনা । বৰ অসমৰ ভেঁটিৰ লোক সংস্কৃতি, পৰম্পৰা আৰু লোক উৎসৱৰ অপূৰ্ব খনি স্বৰূপ ঢকুৱাখনাৰ সুকীয়া আৰু স্বকীয় স্বাভিমান সুৰক্ষা আৰু প্ৰসাৰৰ লক্ষ্যৰে আত্মপ্ৰকাশ কৰা "চাৰিকড়ীয়া ক্লাব হাউছ"ৰ উদ্যোগত পৰম্পৰাগতভাৱে ভোগালী বিহুৰ প্ৰাকক্ষণত শনিবাৰে অনুষ্ঠিত হয়  দৈয়াং ভোগালী  উৎসৱ-২০২৫। 

Advertisment

ঢকুৱাখনাৰ আয়ুস ৰেখাস্বৰূপ পুৰণি চাৰিকড়ীয়া নদীৰ অৱবাহিকাৰ কাঠৰবাৰীত অৱস্থিত ক্লাব হাউচৰ উদ্যোগত সন্ধিয়া এই দৈয়াং ভোগালী উৎসৱৰ আড়ম্বৰপূৰ্ণ শুভাৰম্ভ কৰা হয় । ক্লাৱৰ সভাপতি দেবাংগ গগৈ আৰু সম্পাদক গৌতম বুঢ়াগোঁহাই ,শংকৰ গগৈ ,বাবা গগৈ আদিৰ প্ৰচেষ্টাত ক্লাৱৰ প্ৰতিগৰাকী কৰ্মকৰ্তাৰ উৎসাহপূৰ্ণ সহযোগত  দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই ভোগালী উৎসৱ ২০২৫ৰ প্ৰথম দিনা কাব্যিকতাৰে উৎসৱৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ বৰাই । 

ঢকুৱাখনাৰ অগণন লোক কৃষ্টিপ্ৰেমীৰ উপস্থিতি আৰু সহযোগিতাত প্ৰাণ পাই উঠা প্ৰাকৃতিক প্ৰাচুৰ্য ক্ষেত্ৰ "ক্লাব হাউচ"ৰ ভোগালী উৎসৱ প্ৰাঙ্গনত এই উপলক্ষত অনুষ্ঠিত কৰা হয় থলুৱা লোক শিল্পী কলা কুশলীসকলৰ এক দৃষ্টিনন্দন আৰু শ্ৰুতিমধুৰ সংগীত সন্ধিয়াৰ । লীনা বুঢ়াগোহাঁইযে আঁত ধৰা  নৃত্য, গীত, সুৰৰ অপূৰ্ব মায়াজালৰ অনুষ্ঠানত হেঁপাহৰ ভোগালীক আদৰি ভোগ উপভোগৰ মূৰ্ছনাত বিধৌত কৰি ক্লাব হাউচ ক্ষেত্ৰত প্ৰাণ ঢালি সুৰৰ লহৰ তুলিলে  কণ্ঠশিল্পী পলাশ ফুকন,  প্ৰদীপ বৰুৱা, ভাস্কৰ গগৈ , বাৰ্চিলুনা বুঢ়া গোঁহাই , ত্ৰিপল ইক' বেণ্ডৰ লগতে  যতীন শইকীয়াই ।

চাৰিকড়ীয়াৰ অৱবাহিকাত আৰম্ভ দৈয়াং ভোগালী উৎসৱ-২০২৫
চাৰিকড়ীয়াৰ অৱবাহিকাত আৰম্ভ দৈয়াং ভোগালী উৎসৱ-২০২৫

 

ধেমাজিৰ শ্যামন্ত শইকীয়াৰ সুমধুৰ বাঁহী বাদন , চুহানা চাহু ,নিশিতা সন্দিকৈৰ মনোমোহা নৃত্য প্ৰদৰ্শন , তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠিত বেহেলা প্ৰশিক্ষক  মঞ্জিল কুমাৰ গগৈৰ বেহেলা বাদন, ৰামকৃষ্ণ বুঢ়া গোহাঁইৰ আমোদজনক মিমিক্ৰীযে পৰিবেশ জীপাল কৰি তোলে ।

কেৱল সংগীতৰ জোৱাৰেই নহয় । জাতীয় পৰম্পৰা অক্ষুন্ন ৰাখি উদ্যোগক্তাসকলে আটকধুনীয়াকৈ সজাই তোলা প্ৰাকৃতিক ভোগালী উৎসৱ ক্ষেত্ৰত সমাহাৰ ঘটিল অসমীয়া জাতীয় জীৱ্নৰে নিবিড়ভাৱে সম্পৃক্ত সুস্বাদু খাদ্য সম্ভাৰ, তিল পিঠা , ঘিলাপিঠা ,তেল পিঠা, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, আদিৰে অভ্যাগতক আপ্যায়নত । 

ভোগালীৰ বৰ্ণাঢ্য আয়োজন
ভোগালীৰ বৰ্ণাঢ্য আয়োজন

 

লগতে সমাহাৰ ঘটিল থলুৱা লোক সাজ পাৰ প্ৰদৰ্শনৰ মনোগ্ৰাহী প্ৰদৰ্শনী । এক দৃষ্টিনন্দন অতি আধুনিকতাবাদী যুৱ প্ৰজন্মৰ মাজত ঐক্য ,সম্প্ৰীতি , ভাতৃত্ববোধৰ লগতে জাতীয় লোক কৃষ্টি সংস্কৃতিৰ সতে একাত্ম হোৱাৰ স্বকীয় বাৰ্তা প্ৰেৰণৰ লক্ষ্যৰে উদযাপিত এই ভোগালী উৎসৱৰ অমিয়া মাদকতাত গৰিষ্ঠ সংখ্যক ঢকুৱাখনাবাসী বিলীন হোৱা পৰিলক্ষিত হয় । জীপাল অনুষ্ঠানতে ঢকুৱাখনাৰ প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী অক্ষয়প্ৰীতৰ নতুন এলবাম  "আলফুল"ৰ প্ৰথমটো গীত পে পে পে.. আনুষ্ঠানিকভাৱে উন্মোচন কৰে কবি ,গীতিকাৰ নৱ কুমাৰ বৰাই।

ভোগালী মেলা dhakuakhana ভোগালী বিহু