Advertisment

ভোগালীত ৰাজ্যবাসীক এঠা দৈ খুৱাবলৈ সাজু দুগ্ধনগৰী সৰভোগ

অসমীয়া ৰাইজৰ বাবে সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে সাজু কৰি তুলিছে বাঁহৰ চুঙাৰ দৈ, ক্ৰীম, ঘিউ, মাখন আদি। অসমীয়াৰ বাপতিসাহোন এই ভোগালী বিহুত সৰভোগৰ প্ৰতিখন দৈৰ বিপনীয়ে প্ৰস্তুত কৰিছে দুইৰ পৰা তিনি কুইন্টল দৈ, ক্ৰীম, ঘিউ

author-image
Asomiya Pratidin
New Update
ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ

ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ

ডিজিটেল সংবাদ, বৰপেটা : পথাৰৰ পৰা শস্য চপাই লখিমী আদৰাৰ পাছত এতিয়া ৰাজ্যৰ চহা ৰাইজ ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ বাবে। অতি আনন্দেৰে হেজাৰ দুৰ্যোগৰ মাজতো ভোগালী বিহু উদযাপন কৰিবলৈ ভিন্ন প্ৰান্তৰ ৰাইজৰ প্ৰস্তুতি প্ৰায় শেষ হোৱাৰ পথত। 

Advertisment

সম্প্ৰতি বহিঃৰাজ্যৰ সম্ভাৰেৰে অসমৰ ৰাইজে ভোগালী বিহু উদযাপন কৰাৰ সময়তে অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সাজু দুগ্ধনগৰী সৰভোগ। সৰভোগৰ দুগ্ধ উদ্যোগৰ লগত জড়িত থলুৱা ব্যৱসায়ী তথা উদ্যোগপতিসকল ব্যস্ত হৈ পৰিছে ভোগালী বিহুকলৈ। 

অসমীয়া ৰাইজৰ বাবে সৰভোগৰ দুগ্ধ ব্যৱসায়ীসকলে সাজু কৰি তুলিছে বাঁহৰ চুঙাৰ দৈ, ক্ৰীম, ঘিউ, মাখন আদি। অসমীয়াৰ বাপতিসাহোন এই ভোগালী বিহুত সৰভোগৰ প্ৰতিখন দৈৰ বিপনীয়ে প্ৰস্তুত কৰিছে দুইৰ পৰা তিনি কুইন্টল দৈ, ক্ৰীম, ঘিউ আদি। 

ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ
ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ

 

অসমীয়াৰ এই ভোগৰ উৎসৱত সৰভোগত প্ৰস্তুত হোৱা দৈ, ক্ৰীম, ঘিউ আদিত প্ৰয়োজন হোৱা কেঁচা গাখীৰসমূহ মানস অভয়াৰণ্যৰ নিকটৱৰ্তী অঞ্চলত থকা ম’হৰ খুঁটিৰ পৰা সংগ্ৰহ কৰা হয়। এই খুঁটিসমূহত পালন কৰা গৰু, ম’হবোৰে কৃত্ৰিম খাদ্যৰ সলনি অভয়াৰণ্যৰ সজীৱ, সেউজীয়া ঘাঁহ-খেৰ আদি আহাৰ হিচাপে গ্ৰহণ কৰাৰ ফলত গাখীৰবোৰ অতি সুস্বাদু হয়। 

ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ
ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ

 

সেয়ে তেনে গাখীৰৰ পৰা প্ৰস্তুত হোৱা দৈ, ক্ৰীমৰ সোৱাদ অসমৰ অন্য প্ৰান্তত দৈ, গাখীৰতকৈ অনন্য আৰু ব্যতিক্ৰমী। এনেধৰণে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে উৎপাদন কৰা সৰভোগৰ দৈ, ক্ৰীমে অসমৰ দুগ্ধ উদ্যোগটোক সৰ্বভাৰতীয় স্তৰলৈ লৈ যোৱাৰ বাট প্ৰশস্ত কৰি তুলিছে।

প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা তৰুণ দাস আৰু প্ৰচাৰ কোষৰ কেন্দ্ৰীয় আহ্বায়ক যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত অসমৰ এই প্ৰাচীন উদ্যোগটোৰ প্ৰতি চৰকাৰে আজিলৈ কোনো পৃষ্ঠপোষকতা আগনবঢ়োৱাৰ ফলত এই থলুৱা উদ্যোগটোৰ ভৱিষ্যৎ নিৰাপত্তাৰ প্ৰতি এক প্ৰত্যাহ্বান নামি আহিছে বুলি মতপ্ৰকাশ কৰে। 

ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ
ভোগালীত সাজু দুগ্ধনগৰী সৰভোগ

 

তেওঁলোকে কয় যে, চৰকাৰে সময় থাকোঁতেই অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা এই উদ্যোগটোক পৃষ্ঠপোষকতা আগনবঢ়ালে অদূৰ ভৱিষ্যতে উদ্যোগটো জীয়াই ৰখাৰ বাবে উদ্যোগীসকলে তীব্ৰ সংগ্ৰামত ব্ৰতী হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হ'ব। আনহাতে, প্ৰতিবছৰে কেঁচা গাখীৰৰ দাম বৃদ্ধি হৈ থকাৰ বাবে সৰ্বসাধাৰণ ৰাইজে বহন কৰিব পৰা মূল্যত দৈ ক্ৰীম কিনিবলৈ সক্ষম নহ'ব। 

অসমৰ জাতীয় উৎসৱ ভোগালী বিহুৰ এক অন্যতম সংযোজন সৰভোগৰ এই থলুৱা উদ্যোগটোক ব্যাপক পৰিসৰত সম্প্ৰসাৰণ কৰাৰ বাবে অসম চৰকাৰক এক ফলপ্ৰসূ আৰু সময় নিৰ্ধাৰিত কৰ্মসূচী গ্ৰহণ কৰিবলৈ প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনে আহ্বান জনাইছে।

Sarbhog bhogali bihu bhogali