/asomiyapratidin/media/media_files/2025/06/05/rk21qQAMnYdBzBKFcMat.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰ সমজিলাৰ আয়ুক্ত লুকুমণি বৰাৰ তৎপৰতাত গহপুৰ নগৰৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীৰপাৰত বিগত বৰ্ষৰ ২৬ ডিচেম্বৰত আয়তীৰ উৰুলি আৰু গায়ন-বায়নৰ মংগলময় ধ্বনিৰ মাজত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল "প্ৰজ্ঞান" নামৰ এটা মুক্ত পুথিভঁৰাল। জ্ঞানপিপাসু ব্যক্তি আৰু শিক্ষাৰ্থীৰ জ্ঞান তৃষ্ণা নিবাৰণৰ পবিত্ৰ মন্দিৰস্বৰূপ এই মুক্ত পুথিভঁৰালটোৰ শুভ উদ্বোধন কৰিছিল অসমৰ বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে।
গহপুৰত সমজিলা আয়ুক্ত লুকমণি বৰাৰ তৎপৰতাত আৰম্ভ হোৱা এই মুক্ত পুথিভঁৰালৰ যাত্ৰা গহপুৰ সমজিলাৰ আন আন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাৰ ওপৰত সেইদিনা বহুকেইজন গ্ৰন্থপ্ৰেমিকে বক্তব্য আগবঢ়াইছিল। বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ দত্ত, গহপুৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধী, গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মণিষ ভড়ালী, তদানীন্তন সহকাৰী আয়ুক্ত মাধুৰ্য্য পৰাশৰ, গহপুৰৰ বিশিষ্ট কবি, সাহিত্যিক, প্ৰবীণ সাংবাদিক নগেন কোঁৱৰ, শিক্ষাবিদ দিলীপ কুমাৰ শৰ্মা আদি বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত মুকলি কৰা হৈছিল।
উল্লেখযোগ্য যে, এই মুক্ত পুথিভঁৰালটোৱে এক বৌদ্ধিক জাগৰণ গঢ়ি তুলিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল যদিও সেয়া যেন এতিয়া গালো বালো খোলাকটিৰ তালত পৰিণত হৈছে। কাৰণ এই মুক্ত পুথিভঁৰালটোৰ পৰা এতিয়া দৈনিক চুৰি হ'বলৈ লৈছে ইখনৰ পিছত সিখনকৈ বহু মূল্যবান গ্ৰন্থ।
মুক্ত পুথিভঁৰালটোৰ আৰম্ভণিৰ দিনা বহু গ্ৰন্থপ্ৰেমিকে মুক্ত হস্তে পুথিভঁৰালটোলৈ সেইদিনা আগবঢ়াইছিল বহু মূল্যবান গ্ৰন্থ। প্ৰথম অৱস্থাত এনে হৈছিল যে কিতাপ থবলৈ ঠাই নোহোৱা হৈছিল পুথিভঁৰালটোত। কিন্তু দিন বাগৰাৰ লগে লগে ক্ৰমান্বয়ে উদং হ'বলৈ ল'লে পুথিভঁৰালটোৰ ভিতৰভাগ।
একাংশ তথাকথিত গ্ৰন্থপ্ৰেমিকে পুথিভঁৰালটোৰ পৰা কিতাপ উলিয়াই পঢ়াৰ চলেৰে ঘৰলৈ লৈ যায় কিতাপৰ টোপোলা। ফলত এতিয়া মাত্ৰ পাঁচ মাহতে মৃত্যুৰ মুখলৈ গতি কৰিছে বৰপুখুৰীৰ পাৰৰ মুক্ত পথিভঁৰাল "প্ৰজ্ঞান"।
কিতাপ চুৰ কৰি ঘৰলৈ নিয়াৰ দৰে কাৰ্য্য সংঘটিত কৰি অহা নীচ মানসিকতাৰ এই তথাকথিত গ্ৰন্থপ্ৰেমিকসমূহ সমাজ ধ্বংসৰ অন্যতম বাৰ্তাবাহক বুলি মন্তব্য কৰিছে বৌদ্ধিক ৰাইজে। পিছে এতিয়া-মেকুৰীৰ ডিঙিত তিলিঙা আঁৰিব কোনে,সেয়া হৈ পৰিছে লাখটকীয়া প্ৰশ্ন।