/asomiyapratidin/media/media_files/2025/06/13/jN1FMvovAFVUdTfoBmtc.jpg)
গৰমৰ বাবে সলনি হ'ল চাহ বাগিছাৰ দৈনিক কৰ্মসূচী
ডিজিটেল ডেস্কঃ গৰমে দহিছে ৰাজ্যবাসীক। উৎকট গৰমৰ বাবে সলনি হল চাহ বাগিছাৰ দৈনিক কৰ্মসূচী। এতিয়াৰে পৰা পুৱা ৬ বজাৰ পৰা বিয়লি ২বজালৈ চাহ বাগানত কাম কৰিব লাগিব চাহ শ্রমিকে। অসম চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে জাৰি কৰিছে এই নির্দেশনা।
/asomiyapratidin/media/media_files/2025/06/13/ugdsuggdGMC3enOApada.jpeg)
অত্যাধিক গৰমৰ বাবে অসম চৰকাৰৰ শ্ৰম বিভাগে ৰাজ্যৰ চাহ শ্রমিকৰ বাবে এই বিশেষ নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে, পূৰ্বে চাহ বাগিছাত কাম কৰা শ্ৰমিকৰ দৈনিক কৰ্মসুচী ৰাতিপুৱা ৮বজাৰ পৰা আবেলি ৪ বজালৈ আছিল। কিন্তু অত্যাধিক গৰমৰ বাবে সলনি কৰা হৈছে এই সময়সূচী।