/asomiyapratidin/media/media_files/2025/09/26/dsfsdsdsdd-2025-09-26-20-59-34.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ বিশিষ্ট লেখক, কুজিদাহ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দধি মোহন বৰাৰ দেহাৱসান। বৰা কুজীদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল। অসমীয়া জতুৱা ঠাঁচ, প্ৰবাদ , কবিতা, গল্প আদিকে ধৰি কেইবাখনিও গ্ৰন্থ তেওঁ ৰচনা কৰি থৈ গৈছে।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্মীনন্দন বৰাৰ ভতিজা দধি মোহন বৰাৰ পৰলোকপ্ৰাপ্তিত নগাঁও জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে আৰু আৰু এগৰাকী নিষ্ঠাবান ,নীৰৱ সাহিত্য সাধকৰ মৃত্যু অসমীয়া সাহিত্যৰ বাবে ডাঙৰ ক্ষতি বুলি জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই মত প্ৰকাশ কৰে ।
ইফালে, বৰাৰ বিয়োগৰ দুঃসংবাদটো বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰে। জিলা সাহিত্য সভাই তেওঁৰ আত্মাৰ চিৰশান্তি বাবে প্ৰাৰ্থনা কৰে ৷ দীৰ্ঘ দিন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা লেখকগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীৰ উপৰিও তিনিগৰাকী পুত্ৰ, বোৱাৰী, নাতিনী এৰি থৈ গৈছে। পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে শনিবাৰে তেওঁৰ অন্তেষ্টিক্ৰিয়া সমাপন কৰা হব।