/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/92379ad3-2eb9-401a-8e97-1978e8dcafde/cyrus.jpg)
ডিজিটেল ডেস্ক : দেওবাৰে টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। তেওঁৰ মৃত্যু সংঘটিত হোৱা ভিডিঅ চিচিটিভি কেমেৰাত বন্দী হৈছিল আৰু সেই ভিডিঅ বৰ্তমান ভাইৰেল হৈ পৰিছে।
টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীয়ে টাটা গ্ৰুপৰ প্ৰাক্তন স্বতন্ত্ৰ সঞ্চালক ডাৰিউচ পাণ্ডোলে, তেওঁৰ পত্নী অনাহিতা পাণ্ডোলে আৰু ভাতৃ জেহাংগীৰ পাণ্ডোলেৰ সৈতে এখন মাৰ্চিডিজ জিএলচি স্পৰ্টছ ইউটিলিটি বাহনত আহি থকাৰ অৱস্থাত দুৰ্ঘটনা সংঘটিত হয়।
চিচিটিভি ফুটেজত দেখা গৈছে যে সূৰ্য নদীৰ ওপৰত এখন দলঙত দুৰ্ঘটনা সংঘটিত হোৱাৰ কেইমিনিটমান আগতে গাড়ীখন এখন চেকপইণ্টৰ ফালে দ্ৰুত গতিত গৈছিল। গাড়ীখনে মুম্বাইৰ পৰা প্ৰায় ১৩৫ কিলোমিটাৰ দূৰত চাৰোটি নাকাৰ দলঙৰ ওপৰত এটা পথ বিভাজকক খুন্দা মাৰে।
ওচৰৰে মেকানিকৰ দোকানত কাম কৰা এজন প্ৰত্যক্ষদৰ্শীয়ে দুৰ্ঘটনাটো দেখিছিল। এটা প্ৰচণ্ড শব্দ শুনি তেওঁ ঘটনাস্থলীলৈ দৌৰি গৈছিল। মুম্বাইৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ অনাহিতা পাণ্ডোলে গাড়ীখন চলাইছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে – বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী গাড়ীৰ পৰা বাচিবলৈ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ ডিভাইডাৰত খুন্দা মাৰিছিল চাইৰাছ মিস্ত্ৰীৰ গাড়ীখন।
উল্লেখ্য যে বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বাহনখন ভুল দিশৰ পৰা অহাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাত বাহনখন চলাই অহা অনাহিতা পাণ্ডোলে আৰু তেওঁৰ স্বামী ডাৰিউচ পাণ্ডোলে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে চাইৰাছ মিস্ত্ৰী আৰু জেহাংগীৰ পাণ্ডোলেৰ থিতাতে মৃত্যু হয়।
আৰক্ষীয়ে অঞ্চলটোৰ সকলো চিচিটিভি কেমেৰাৰ দ্বাৰা বন্দী কৰা ফুটেজ বিশ্লেষণ কৰি আছে আৰু গাড়ীখনৰ তদন্ত কৰা হৈছে।