/asomiyapratidin/media/media_files/2025/06/15/GQuP4oEk9U6XY7QGtB8F.jpeg)
ডিজিটেল ডেস্কঃ দেওবাৰে চাৰিদিনীয়া বিদেশ ভ্ৰমণৰ বাবে ৰাওনা হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ১৫ৰ পৰা ১৯ জুনলৈ প্ৰধানমন্ত্ৰী মোডী ছাইপ্ৰাছ, কানাডা আৰু ক্ৰ’ৱেচিয়াত থাকিব। এই সময়ছোৱাত তেওঁ জি-৭ শীৰ্ষ সন্মিলনতো অংশগ্ৰহণ কৰিব।
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ। প্ৰধানমন্ত্ৰী মোডীৰ এই বিদেশ ভ্ৰমণ বহু দিশত গুৰুত্বপূৰ্ণ।
দেওবাৰে সন্ধিয়া যেতিয়া প্ৰধানমন্ত্ৰী মোডীয়ে ছাইপ্ৰাছত উপস্থিত হয়, তেতিয়া তেওঁক আদৰণি জনাবলৈ বিমানবন্দৰত উপস্থিত আছিল চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছ। প্ৰধানমন্ত্ৰী মোডীয়ে ছাইপ্ৰাছত উপস্থিত হোৱাৰ ছবি আৰু বিমানবন্দৰত লাভ কৰা উষ্ম আদৰণিৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
তেওঁ লিখে যে, ছাইপ্ৰাছত উপস্থিত হৈছো। বিমানবন্দৰত মোক আদৰণি জনোৱাৰ বিশেষ সন্মানৰ বাবে ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছক ধন্যবাদ। এই ভ্ৰমণে ভাৰত-ছাইপ্ৰাছৰ সম্পৰ্কক বিশেষকৈ বাণিজ্য, বিনিয়োগ আৰু অন্যান্য ক্ষেত্ৰত গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰিব।
ছাইপ্ৰাছত থকা ভাৰতৰ উচ্চায়ুক্ত মনীষে কয় যে, "এই ভ্ৰমণ বহু কাৰণত ঐতিহাসিক হ'বলৈ গৈ আছে। দুই দশকৰো অধিক সময়ৰ পিছত আমাৰ দেশৰ পৰা এগৰাকী প্ৰধানমন্ত্ৰী আহি আছে । এইটো হ'ব প্ৰধানমন্ত্ৰী মোডীৰ দেশ ভ্ৰমণ। মই ভাবো যে আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফল হ'ব বাণিজ্য, প্ৰযুক্তি, পৰ্যটন আৰু বিনিয়োগ। আমি প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা, ব্যৱসায় আৰু জনসাধাৰণৰ যোগাযোগৰ লগতে বিশ্বব্যাপী আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰতো আলোচনা কৰিম।"
উল্লেখ্য যে, নিকোচিয়াত নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে আলোচনাত মিলিত হ’ব প্রধানমন্ত্রী মোডী ৷ ইয়াৰ লগতে তেওঁ লিমাছলত ব্যৱসায়িক নেতাসকলক সম্বোধন কৰিব। ছাইপ্ৰাছে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ইউৰোপীয় ইউনিয়ন পৰ্যায়ৰ আলোচনাত পাকিস্তানৰ পৰা উৎপত্তি হোৱা সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিষয়টো উত্থাপন কৰিব বুলি ইংগিত দিয়ে।