Advertisment

ৰঙাপৰাত চিলিণ্ডাৰ বিস্ফোৰণ : কথমপি প্ৰাণ ৰক্ষা এটি পৰিয়ালৰ...

ৰঙাপৰাত সংঘটিত হৈছে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা। মঙলবাৰে দুটাকৈ চিলিণ্ডাৰ বিষ্ফোৰণে কপাই গ’ল  ৰঙাপৰা নামনি গাঁও ...

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাত চিলিণ্ডাৰ বিস্ফোৰণ

ৰঙাপৰাত চিলিণ্ডাৰ বিস্ফোৰণ

ডিজিটেল সংবাদ, জামুগুৰিহাট : ৰঙাপৰাত সংঘটিত হৈছে চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা। মঙলবাৰে দুটাকৈ চিলিণ্ডাৰ বিষ্ফোৰণে কপাই গ’ল  ৰঙাপৰা নামনি গাঁও ৷

Advertisment

উল্লেখযোগ্য যে ৰঙাপৰাৰ ২ নং নামনিগাঁৱত সংঘটিত হৈছে এই চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা । ৰামদেও বাচফৰ নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হৈছে এই ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

বিষ্ফোৰণৰ পিছতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ৰামদেও বাচফৰৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। তাৰোপৰি চিলিণ্ডাৰ বিষ্ফোৰণ ঘটাত অঞ্চলটোৰ ৰাইজৰ মাজত হুৱা দুৱা লাগে ৷ অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ এই মুহূৰ্তত অহা নাই। 

ইফালে উক্ত দুৰ্ঘটনাত ৰামদেওৰ পৰিয়ালটিৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ স্থানীয় ৰাইজে অগ্নিনিৰ্ৱাপক বাহিনীক খবৰ দিয়াৰ পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দুখন গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷  বৈদ্যুতিক শ্বৰ্ট  শ্বাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে একাংশ ৰাইজে।  

jamugurihat