/asomiyapratidin/media/media_files/2025/02/11/TZ1PzNjXw6ccr2oBjcRI.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আজি চৰকাৰৰ তৰফৰ পৰা অগবঢ়োৱা বিনামূলীয়া চাইকেল সমূহ বিতৰণ কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ৷
বিধায়ক গৰাকীয়ে কয় চৰকাৰে বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিনামূলীয়াকৈ আগবঢ়োৱা চাইকেল সমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকল বিশেষভাবে উপকৃত হৈছে ৷ এই বিদ্যালয় খনৰো চাইকেল লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ আজিৰ পৰা বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব ৷
চাইকেল বিতৰণৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীক সহযোগিতা আগবঢ়াই বিদ্যালয় খনিৰ অধ্যক্ষ সিদ্ধাৰ্থ পাল,যুৱ লেখক সাহিত্যিক লক্ষ্মীকান্ত বৰা, প্ৰাক্তন অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীলিপ ৰাজবংশী, ইটাখোলা ব্যৱসায় সন্হাৰ প্ৰাক্তন সভাপতি তপন চৌধৰী, সমাজকৰ্মী ৰামেশ্বৰ চাহু আৰু লক্ষণ তাঁতীয়ে ৷