/asomiyapratidin/media/media_files/2024/12/19/foCwnSlAJEptKn5xpnla.jpg)
ডিজিটেল ডেস্কঃ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী বি এল বাৰ্মাই বুধবাৰে সংসদত চাইবাৰ অপৰাধ পৰ্টেলৰ সফলতাৰ খতিয়ান দাঙি ধৰে । তেওঁ অৱগত কৰে যে ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ প্ৰতিবেদন পৰ্টেলে ৯.৯৪ লাখ অভিযোগৰ সমাধানৰ জৰিয়তে ৩,৪৩১ কোটি টকাৰো অধিক ধন ৰাহি কৰাত সহায় কৰিছে।
‘নাগৰিক বিত্তীয় চাইবাৰ জালিয়াতিৰ প্ৰতিবেদন আৰু পৰিচালনা ব্যৱস্থা’ই চাইবাৰ অপৰাধৰ কাণ্ডসমূহ স্বয়ংক্ৰিয়ভাৱে নিজ নিজ ৰাজ্যিক পৰ্যায়ৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহলৈ অধিক ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰেৰণ কৰে।
cybercrime.Gov.In নামৰ পৰ্টেলটোৰ লক্ষ্য হৈছে বিত্তীয় জালিয়াতিৰ তাৎক্ষণিক ৰিপ’ৰ্ট দিয়া আৰু প্ৰৱঞ্চনাৰ জড়িয়তে পুঁজি ট্ৰেন্সফাৰ ৰোধ কৰা।
লোকসভাত লিখিত উত্তৰত বুধবাৰে ভাৰ্মাই বিত্তীয় চাইবাৰ অপৰাধৰ মোকাবিলাত পৰ্টেলটোৰ ফলপ্ৰসূতাৰ ওপৰত আলোকপাত কৰে।
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই পৰ্টেল আৰু ইয়াৰ টোল ফ্ৰী হেল্পলাইন নম্বৰ ১৯৩০ প্ৰচাৰৰ বাবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰামৰ্শ জাৰি কৰিছে।