/asomiyapratidin/media/media_files/2025/08/26/whatsapp-image-2025-08-26-09-18-30.jpeg)
ডিজিটেল সংবাদ,কামৰূপঃ অৱশেষত আৰক্ষীৰ জালত পৰিল ম'ষ্ট ৱান্টেড চাইবাৰ অপৰাধী সোণতলীৰ ছাহজামাল হক। ছাহজামালৰ বিৰুদ্ধে বিভিন্ন প্ৰৱঞ্চনাৰে গ্ৰাহকৰ একাউণ্টৰ পৰা কোটি কোটি টকা হৰলুকি কৰাৰ তথ্য পোহৰলৈ আহিছে।
বিনিয়োগ এপৰ জড়িয়তে বহু লোকক সৰ্বশ্ৰান্ত কৰাৰো অভিযোগ উত্থাপন হৈ আছিলে ম'ষ্ট ৱান্টেড ছাহজামাল হকৰ বিৰুদ্ধে। অৱশেষত বকোৰ সোণতলীৰ পৰা পাণবজাৰ আৰক্ষীয়ে আটক কৰে ছাহজামাল হকক।
আনহাতে, কেৱল ছাহজামালেই নহয়। প্ৰাপ্ত তথ্য অনুসৰি, চাইবাৰ অপৰাধীৰ সংখ্যাৰে ভৰি পৰিছে বৃহত্তৰ সোণতলী চৰ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অতি কৌশলেৰে কোটি কোটি টকা হৰলুকি কৰি হাজাৰ হাজাৰ কোটি টকাৰ মালিক হৈ পৰিছে সোণতলীৰ বহু যুৱকে।
বৃহত্তৰ সোণতলী চৰৰ চাইবাৰ অপৰাধীৰ সৈতেবহু বাঘা বাঘা ৰাজনৈতিক নেতাৰ লিংক থকাৰো অভিযোগ উত্থাপন হৈছে । চাইবাৰ অপৰাধীৰ জড়িয়তে কোটি কোটি টকা হৰলুকি কৰা অপৰাধীৰ ঘৰত আতিথ্য গ্ৰহণ কৰে বহু ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতায়।
আনহাতে শাসক-বিৰোধী ৰাজনৈতিক নেতাৰ লগতে চৰকাৰী আমোলা বিষয়াৰ ছত্ৰছায়াতে চাইবাৰ অপৰাধী সকলে কোটি কোটি টকাৰ হৰলুকি কৰাৰ অভিযোগ উঠিছে। এতিয়া প্ৰশ্ন হয় কোনে সুৰক্ষা দিছে দেশৰ জনতাক ৰামঠগন দি কোটি কোটি টকাৰ মালিক হোৱা চাইবাৰ অপৰাধীক?