মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দুই কুখ্যাত চাইবাৰ অপৰাধী...

ধৃত অপৰাধী দুজন বৰপেটাৰ বিক্ৰম বসুমতাৰী (৩১) আৰু  চিৰাং জিলাৰ চুদেম বসুমতাৰী (৩৫) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।‌ চাইবাৰ অপৰাধী দুজনে দীৰ্ঘদিন ধৰি মুল বেংক একাউণ্ট ব্যৱহাৰ কৰি চাইবাৰ অপৰাধ ৰেকেট চলাই আছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, শিলচৰ:  অসমৰ পিচত এইবাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান মণিপুৰ আৰক্ষীৰ। অসমৰ দুজন কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছে মণিপুৰ আৰক্ষীয়ে। কেইবাটাও চাইবাৰ অপৰাধৰ গোচৰত দুই অভিযুক্তক আৰক্ষীয়ে মণিপুৰৰ ইম্ফল পশ্চিম জিলাৰ খুমান লাম্পাক আই এছ বি টিৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

Advertisment

ধৃত অপৰাধী দুজন বৰপেটাৰ বিক্ৰম বসুমতাৰী (৩১) আৰু  চিৰাং জিলাৰ চুদেম বসুমতাৰী (৩৫) বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে।‌ চাইবাৰ অপৰাধী দুজনে দীৰ্ঘদিন ধৰি মুল বেংক একাউণ্ট ব্যৱহাৰ কৰি চাইবাৰ অপৰাধ ৰেকেট চলাই আছিল।

এটা অপৰাধমূলক নেটৱৰ্কৰ সদস্য বিক্ৰম বসুমতাৰী আৰু চুদেম বসুমতাৰীক বিভিন্ন বেংকৰ লেনদেনৰ সৈতে জড়িত তথ্য এন্ট্ৰি কৰাৰ দায়িত্ব দিয়া হৈছিল আৰু আধাৰ আৰু বেংক একাউণ্টৰ বিৱৰণৰ দৰে স্পৰ্শকাতৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰা কাম কৰিছিল।

চাইবাৰ অপৰাধী দুজনে ব্যৱহাৰ কৰা দুটা বেংক একাউণ্টৰ সৈতে বিভিন্ন ৰাজ্যত সংঘটিত হোৱা অৰ্থনৈতিক অপৰাধৰ সম্পৰ্ক আছিল। উল্লেখ্য যে, ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধৰ প্ৰতিবেদনৰ পৰ্টেলত এই তথ্য লিপিবদ্ধ কৰা হৈছে বুলিও আৰক্ষীৰ সুত্ৰত প্ৰকাশ কৰিছে।

মণিপুৰ