ডিজিটেল সংবাদ,মৈৰাবাৰীঃ অৱশেষত মৈৰাবাৰী আৰক্ষীৰ জালত পৰিল পলাতক কুখ্যাত চাইবাৰ অপৰাধী নাছিৰ উদ্দিন ওৰফে নাছিৰ মুন্সী। বিগত দুবছৰ ধৰি আত্মগোপন হৈ থকা কুখ্যাত চাইবাৰ অপৰাধী নাছিৰ মুন্সীক মঙলবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে মৈৰাবাৰী আৰক্ষীয়ে।
প্ৰাপ্ত তথ্য অনুসৰি, মৈৰাবাৰী থানাৰ অন্তৰ্গত তাতিকটা পথাৰৰ ভিনীহিয়েকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাছিৰ মুন্সীক।
উল্লেখ্য যে, ভুৱা আধাৰ কাৰ্ড,পেন কাৰ্ডৰ সহায়ত বহিঃ ৰাজ্যৰ বিভিন্ন ব্যক্তিৰ নামত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা কোটি কোটি টকা সৰকাইছিল মুন্সীয়ে। ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈ সোধ-পোচ আৰম্ভ কৰিছে।
ইফালে আৰক্ষীৰ তদন্তত নাছিৰ মুন্সীয়ে মুখ খুলিলে আৰু বহু লোকৰ মুখা খোল খোৱাৰ সম্ভাৱনা থকাৰ কথা প্ৰকাশ কৰিছে।