বৈজ্ঞানিক পদ্ধতিত বন্য মৌ মাখিৰ পৰা মৌ চপোৱাৰ প্ৰশিক্ষণ কৰ্মশালা

মৌ চপোৱাৰ প্ৰশিক্ষণ কৰ্মশালা
মৌ চপোৱাৰ প্ৰশিক্ষণ কৰ্মশালা

ডিজিটেল সংবাদ, চিৰাংঃ বৈজ্ঞানিক পদ্ধতিত বন্য মৌ-মাখিৰ পৰা মৌ চপোৱাৰ প্ৰশিক্ষণ কৰ্মশালা। বুধবাৰে চিৰাং জিলাৰ বেংতল কলেজৰ প্ৰেক্ষাগৃহত কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা আঁচনি নিৰীক্ষণ ব্যৱস্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় মৌ পালন আৰু মৌ অভিযানৰ অধীনত " বৈজ্ঞানিক পদ্ধতিত বন্য মৌমাখিৰ পৰা মৌ চপোৱাৰ জৰিয়তে বিটিআৰ এলেকাত মিঠা বিপ্লৱ" ৰ সূচনাৰ লক্ষ্যৰে জিলা পৰ্যায়ৰ এখন আলোচনা চক্ৰ তথা প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰা হয় ।

প্ৰশিক্ষণ কৰ্মশালাত বিভিন্ন আত্মসহায়ক গোটৰ সদস্য, বেচৰকাৰী সংস্থা, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ সাধাৰণ জনতাই অংশগ্ৰহণ কৰে । প্ৰশিক্ষণ কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বি টি আৰৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰীয়ে " বন্য মৌ মাখিৰ পৰা বৈজ্ঞানিক পদ্ধতিত মৌ সংগ্ৰহ কৰি নিজকে অৰ্থনৈতিক দিশত স্বাৱলম্বী কৰাৰ লগতে সমগ্ৰ বি টি আৰক কিদৰে মিঠা বিপ্লৱ" আৰম্ভ কৰিব পাৰি তাৰ সন্দৰ্ভত বহুমূলীয়া ভাষণ প্ৰদান কৰে।

তেওঁ আৰু কয় যে মৌ চপোৱাৰ বৈজ্ঞানিক কৌশলৰ জৰিয়তে সঠিক সময়ত মৌ চপোৱাৰ পৰিপক্কতা লগতে সঠিক জ্ঞান থাকিব , এই জ্ঞান লাভ কৰিবলৈ এনেধৰণৰ প্ৰশিক্ষণ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে । বন্য মৌমাখিৰ সৈতে জড়িত হৈ জনসাধাৰণ অধিক সচেতন হ’ব আৰু ইয়াৰ জৰিয়তেও স্বাৱলম্বী আৰু উপাৰ্জনৰ বিকল্প উৎস হিচাপে লৈ লাভৱান হ’ব বুলি মন্তব্য কৰে ।

আজিৰ এই প্ৰশিক্ষণ কৰ্মশালাত বি টি চিৰ বন বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী , বি টি চিৰ বন বিভাগৰ মুখ্য বিষয়া সুমন মহাত্ৰা, বিটিচিৰ বন বিভাগৰ সচিব নৰেন চন্দ্ৰ বসুমতাৰী, বিটিচিৰ কৃষি বিভাগৰ যুটীয়া সচিব সুজিত বাগলাৰী, অসম ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটীৰ সহকাৰী অধ্যাপক ছেইদুৰ ৰহমান, উদ্যোগী আৰু সমল ব্যক্তি অৰুণ মিত্ৰ লগতে বেংতল কলেজৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ নাৰ্জাৰী সহ অন্যান্য বিশিষ্ট ব্যক্তি আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in